Breaking

হিতাধীকাৰীক ৰেচন কমকৈ দিয়াৰ অভিযোগ : তদন্তৰ দাবী সংগ্ৰাম পৰিষদৰ

0 105

খাৰুপেটীয়া

 দেশজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কভিদ-১৯ৰ ওপৰত লক্ষ্য কৰি ৰাইজৰ লগতে অসম চৰকাৰেও বিভিন্ন আঁচনিৰ যোগেদি দৰিদ্ৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে৷ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে সমবায় সমিতিৰ জৰিয়তে আগবঢ়োৱা সামান্য সাহাৰ্য্য কেইটাতো এচাম মধ্যভোগীয়ে লুন্ঠন চলাই অহাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে  লকডাউনৰ ফলত সৃষ্টি হোৱা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালকৰ সদস্যৰ প্ৰতি  ৫ কেজিকৈ বিনামূলীয়া চাউল যোগান ধৰি আহিছে যদিও চৰকাৰৰ উক্ত নিৰ্দেশক  অমান্য কৰি প্ৰতিজন হিতাধীকাৰীক নিদিষ্ট পৰিমাণত কৈ চাউল কমকৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ধূলা সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীৰ বিৰূদ্ধে। ধূলা সমবায় সমিতিৰ অন্তৰ্গত আটাকাটা টাংনীঝাৰ গাঁৱৰ সুলভ মূল্যৰ দোকানী আলি আকবৰে ব্যাপক অনিয়ম সংঘটিত কৰা বুলি  অভিযোগ তুলিছে  হিতাধীকাৰীসকলে। অভিযোগ অনুসৰি সুলভ মূল্যৰ দোকানী আলি আকবৰে দীৰ্ঘদিনৰ পৰাই প্ৰত্যেকজন দৰিদ্ৰ হিতাধীকাৰী সকলক দুই-তিনি কেজি পৰ্যন্ত চাউল কমকৈ দি আহিছে। চতুৰ দোকানীজনে সাতজন পৰিয়াল থকা ব্যক্তিক পাবলগীয়া ৩৫ কেজি চাউলৰ ঠাইত ৩৩ কেজি চাউল দিয়ে যদিও হিতাধীকাৰীসকলৰ হাতত থকা বহীখনত ৩৫ কেজি বিতৰণ কৰা বুলি লিপিবদ্ধ কৰে। সুলভ মুল্যৰ সামগ্ৰী কমকৈ দিয়াৰ সন্দৰ্ভত হিতাধীকাৰীসকলে ধুলা সমবায় সমিতিৰ সম্পাদকক অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়ে দুৰ্নীতি গ্ৰস্থ সম্পাদকগৰাকীয়ে। ধুলা সমবায় সমিতিৰ অন্তৰ্গত অধিকাংশ সুলভ মূল্যৰ দোকানীয়ে চৰাঞ্চলৰ দৰিদ্ৰ তথা নিৰক্ষৰ লোকসকলৰ সামগ্ৰী  আত্মসাত কৰি ক’লা বজাৰত বিক্ৰী কৰি আহিছে দোকানীসকলে। কিয়নো যোৱা কিছুদিন আগতে ধুলা সমবায় সমিতিৰ সুলভ মূল্যৰ চাউল ডিলাৰ এজনে কলা বজাৰত বিক্ৰী কৰোতেই গাড়ীসহ ধৰা পৰিছিল ওন্দোলাঝাৰ গাঁৱত। এনে সন্ধিক্ষণত দুখীয়াৰ বাবে চৰকাৰে যোগান ধৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ সামগ্ৰী আত্মসাৎ কৰা কাৰ্যৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতি৷ উক্ত কাৰ্যত জড়িত সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰি  দুৰ্নীতিকাৰীক কঠোৰ শাস্তি দিবৰ বাবে জিলা উপায়ুক্তক দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙৰ উপ সভাপতি মহিদুল ইছলামে।

Leave A Reply