ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰীত আজি অংকুৰ আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাতৃ সকলক লৈ শিশু বাটিকা কৰ্মশালা অনুষ্ঠিত হয়। নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সোমেশ্বৰ কলিতাই বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে শিশু বাটিকা কৰ্মশালা। শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীত অনুষ্ঠিত হোৱা শিশু বাটিকা কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে তিনিচুকীয়া সংকুলৰ শিশু বাটিকা প্ৰমুখ বন্তি বৰা, নিকেতনৰ আচাৰ্য্যা ৰাণু শইকীয়া আৰু পূৰ্ণিমা খনিকৰ। আজিৰ শিশু বাটিকা কৰ্মশালাত প্ৰশিক্ষক সকলে মাতৃ সকলক শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ, ছাত্ৰ-ছাত্ৰী সকলৰ বিকাশৰ বাবে নৃত্য, গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ কৰ্মশালাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিনিচুকীয়া সংকুলৰ সংকুল প্ৰমুখ মোহন ছেত্ৰীৰ লগতে নিকেতনৰ আচাৰ্য্য- আচাৰ্য্যা উপস্থিত । আজি শিশু বাটিকা কৰ্মশালাত প্ৰায় অৰ্ধ শতাধিক অভিভাৱিকা উপস্থিত থাকে ।
Breaking
- নগাঁৱত সংখ্যালঘু মহিলাৰ নেতৃত্ব উন্নয়নৰ প্ৰশিক্ষণ শিবিৰ
- প্ৰাপ্য বিছাৰি টীয়কত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্বাচিত পঞ্চায়ত সদস্যৰ প্ৰতিবাদ
- আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ?
- অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী আৰু স্মাৰক পত্ৰ প্ৰদান
- বিজেপিৰ হাতৰ পৰা সমষ্টি কাঢ়িবলৈ সাজু কংগ্ৰেছ : বাসুদেৱ ছেত্ৰীক প্ৰক্ষেপেৰ মাৰ্ঘেৰিটা পুনৰ উদ্ধাৰৰ চেষ্ঠা কংগ্ৰেছৰ
- বাঘৰ আক্রমনত তিনিটা গৰু নিধন ৰাইজৰ ক্ষোভ
- শ্ৰী শ্ৰী সৌকাজান সত্ৰত চানেকি ৰাইজৰ বাবে উৰ্চগীত হ’ল গুৰু আসনত শোদিত বৃন্দাবনী বস্ত্ৰৰ কিয়দাংশৰ
- বাক্সাত বিশ্ব শ্ৰৱণ দিৱস পালন
- ৰঙিয়া ত ১২, ১৩ আৰু ১৪ মাৰ্চত ১৬ সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা
- কুসুমতোলাৰ পদ্মপুৰ নামঘৰত ভাগৱত পাঠ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা