Breaking

পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড লুটি নিলে কম্পিউটাৰ, ফেন ,চিলিণ্ডাৰ ,চকী

0 2,065

সমগ্ৰ ৰাজ্যত মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে ঘোষণা কৰা মিনি লকডাউন অৰ্থাৎ আবেলি ২ বজাৰ পৰা দোকান-পোহৰ বন্ধ আৰু সন্ধিয়া ৬ বজাৰ পৰা সন্ধ্যা আইন চলি থকাৰ সময়তে চোৰে চুৰি কাৰ্য অব্যাহত ৰাখিছে। মহানগৰীৰ দাতিকাষাৰীয়া তথা আজাৰা থানাৰ অন্তৰ্গত আগছীয়াস্থিত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা নিশা চোৰে এক চুৰিকাণ্ড সংঘটিত কৰে। জানিবপৰামতে যোৱা নিশা উক্ত বিদ্যালয়ত দুৰ্বৃত্তৰ দলে দুৱাৰৰ তলা ভাঙি শ্ৰেণী কোঠাসমূহ লণ্ডভণ্ড কৰাৰ লগতে দহখন ফেন, তিনিটা চিলিণ্ডাৰ, কম্পিউটাৰ চেট, কেবাখনো চকী, ৰান্ধনীশালৰ সা-সামগ্ৰী আদি লুটি লৈ যায়। বিদ্যালয়খনৰ বহু নথি-পত্ৰ লণ্ড ভণ্ড কৰাৰ উপৰিও চকী মেজ আদিও ভাঙি পেলায়। বিদ্যালয় বন্ধ থকাৰ বাবে প্ৰধান শিক্ষক গৰাকীয়ে আজি দুপৰীয়া বিশেষ কামৰ বাবে বিদ্যালয়লৈ অহাত ঘটনাটো পোহৰলৈ আহে। লগে লগে প্ৰধান শিক্ষক গৰাকীয়ে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিদ্যায়লখনত উপস্থিত হৈ তদন্ত চলাই বিদ্যালয়খনৰ পিছফালে মুকলি পথাৰৰ মাজত ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা কিছু সামগ্ৰী পৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কৰ’ণা মহামাৰীৰ প্ৰকোপৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাৰ সুযোগ লৈ দুৰ্বৃত্তই  ঘটনাটো সংঘটিত কৰা বুলি স্পষ্ট নহয় যদিও যোৱা নিশা নিশা লুটপাট চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে শিক্ষক আৰু আৰক্ষীয়ে।

Leave A Reply