Breaking

বোকাখাতত মদৰ দোকানৰ পয়োভৰ, ৰাষ্ট্ৰীয় পথৰ কাষত পুনৰ দুখনকৈ মদৰ দোকানৰ বাবে পৌৰসভাই অনুমতি দিয়া কাৰ্যত সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া

0 40

বোকাখাতত মদৰ দোকানৰ পয়োভৰ, ৰাষ্ট্ৰীয় পথৰ কাষত পুনৰ দুখনকৈ মদৰ দোকানৰ বাবে পৌৰসভাই অনুমতি দিয়া কাৰ্যত সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া। নীতি বহিৰ্ভূতভাৱে পৌৰসভাৰ অনুমতিৰে মুকলি হোৱা মদৰ দোকানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত৷ সৰু চহৰখনত যথেষ্ট সংখ্যক মদৰ দোকান থকাৰ পাছতো শেহতীয়াকৈ পুনৰ দুখনকৈ মদৰ দোকান খোলাৰ বাবে বোকাখাত পৌৰসভাই অনুমতি প্ৰদান কৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে বোকাখাতৰ নাগৰিকে ৷ প্ৰাপ্য তথ্য মতে শেহতীয়াকৈ বোকাখাত নগৰৰ মাজ মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে বাৰসহ নতুনকৈ আৰু দুখন মদৰ দোকান খুলিবলৈ বোকাখাত পৌৰসভাই অনুমতি দিয়া কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত৷ বোকাখাতৰ একাংশ সচেতন নাগৰিকে এই দুই মদৰ দোকানৰ অনুমতি বাতিল কৰি আৰু মদৰ দোকান খোলাৰ অনুমতি নিদিবৰ বাবে যোৱা ১ ডিচেম্বৰত বোকাখাতৰ মহকুমাধিপতি, বোকাখাত পৌৰসভা আৰু বোকাখাতত থকা উপ আৱকাৰী অধীক্ষকক লিখিতভাৱে অৱগত কৰে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় পথৰ কাষত মদৰ দোকান খোলাৰ অনুমতি নিদিবৰ বাবে দেশৰ উচ্চতম ন্যায়লয়ে পূৰ্বতে দি থোৱা ৰায়ৰ উপৰিও অসমৰ আৱকাৰী আইনৰ মতে ৰাষ্ট্ৰীয় পথৰ একেবাৰে দাঁতিত কোনো মদৰ দোকান থাকিব নোৱাৰিব বুলি থকা নিৰ্দেশনাক ওলাই কৰি বোকাখাত পৌৰসভাই উল্লিখিত স্থানত মদৰ দোকান খোলাৰ অনুমতি প্ৰদানৰ কাৰ্যই বোকাখাতৰ সচেতন মহলত চিন্তাৰ উদ্ৰেক কৰিছে ৷ মন কৰিব লগীয়া যে মদৰ দোকান সম্পৰ্কত স্থানীয় লোকৰ আপত্তিৰ পটভূমিত চৰ জমিন তদন্ত আৰু স্থানীয় লোকৰ মতামত নোলোৱাকৈ অনুমতি দিয়াৰ প্ৰসংগত সঠিকভাৱে তদন্ত কৰিবৰ বাবে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই পৌৰসভাক নিৰ্দেশ দি থোৱা বুলি জানিব পৰা গৈছে৷ সামাজিক পৰিৱেশ আৰু পথ দুৰ্ঘটনাৰ ৰোধ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উল্লিখিত মদৰ দোকান দুখন খুলিবৰ বাবে অনুমতি নিদিবলৈ স্থানীয় লোকে জনোৱা আবেদনৰ পাছত বোকাখাতৰ মহকুমাধিপতি আৰু আৱকাৰী বিভাগে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰিছে। মদৰ দোকান প্ৰসংগত ৰাজহুৱা অভিযোগৰ পাছত নিজৰ সমষ্টিত কেবিনেট মন্ত্ৰী অতুল বৰাই কি ভূমিকা গ্ৰহণ কৰে তালৈ বাট চাইছে বোকাখাতবাসীয়ে।

Leave A Reply