Breaking

হোজাইত কৃষি বিভাগৰ দ্বাৰা মৌ পালনৰ বিষয়ত প্ৰশিক্ষণৰ সামৰণি

0 2,042

উদ্যান শস্যৰ প্ৰযুক্তি মিছন আঁচনিৰ অধীনত কৃষকসকলৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধা আগবঢ়াই আহিছে ৷ শতকৰা ৫০ শতাংশ ৰাজ সাহাৰ্যত ফল মূলৰ নাৰ্চাৰী স্থাপন, কাঠফুলা উৎপাদন, গ্ৰীণ হাউচ স্থাপন ইত্যাদিৰ লগতে ৰাজসাহাৰ্যযুক্ত মৌ আৰু মৌপালনৰ বাবে বাকচ যোগান ধৰি কৃষক ৰাইজক উপকৃত কৰি আহিছে বুলি হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷ এই আঁচনিৰ অন্তৰ্গত হোজাই জিলাৰ ১২০ জন কৃষকৰ মাজত ইতিমধ্যে ৰেহাই মূল্যত মৌমাখিৰ লগতে মৌবাকচ বিতৰণ কৰা হয় ৷ আনকি হিতাধিকাৰী মৌপালক সকলে যাতে বিজ্ঞান সন্মতভাবে মৌ পালন কৰি অৰ্থনৈতিক ভাবে লাভবান হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা কৃষি বিভাগৰ প্ৰশিক্ষন কেন্দ্ৰত অলপতে কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় ৷ উক্ত প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন গাঁৱৰ প্ৰায় ৪৫ গৰাকী মৌপালক উপস্থিত থাকে ৷ হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সকলো মৌ পালকক উন্নত পদ্ধতিৰে মৌপালন কৰি আৰ্থিক লাভবান হ’বলৈ প্ৰশিক্ষণত আহ্বান জনায় ৷ মৌ পালনৰ বিষয়ে সবিশেষ বাবে বহলাই ব্যাখ্যা কৰে সমল ব্যক্তি যোৰহাটৰ ৰঞ্জন দত্তই ৷ লগতে প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে উদ্যান শস্যৰ নডেল বিষয়া ঝুমুৰ গোস্মামী, কৃষি উন্নয়ন বিষয়া ময়ুৰ তৃষ্ণা ৰাজখোৱা, হেনেমিলি তেৰাংপি, বিউটি গগৈ আৰু কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভুঞা, চামু থাউচেনসহ অন্যান্য বিষয়ববীয়া সকল প্ৰশিক্ষনত উপস্থিত আছিল বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ৷

Leave A Reply