Breaking

বাক্সা জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সামৰণি

0 2,299

বিজ্ঞান প্ৰচাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান চাইন্স কমিউনিকেটৰচ ফ’ৰাম,বৰমাৰ উদ্যোগত ২৯ সংখ্যক বাক্সা জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ,২০২১ আজি দিনযোৰা কাৰ্যসূচীৰে বি কে ভাণ্ডাৰী এম ই স্কুল প্ৰাঙ্গনত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি অনুষ্ঠানত পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে। শিশু বিজ্ঞানী সকলক শপত বাক্য পাঠ কৰোৱাৰ পিছত দহ বজাত বিজ্ঞান প্ৰকল্প উপস্থাপনৰ দ্বাৰ উন্মোচন কৰে বাক্সা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে। ১০.৩০ বজাত কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰ পিচতে আবেলি ২ বজাত বি কে ভাণ্ডাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক সতীশ বৰ্মনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট গৱেষক ড° নৃপেন্দ্ৰ নাথ শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষাবিদ ড° ফণীধৰ তালুকদাৰ, আমন্ত্ৰিত অতিথি হিচাপে বাক্সা ডি পি অ’ প্ৰণৱজ্যোতি কলিতা, ভূপেন দাস, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰী, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভাৰত চন্দ্ৰ তালুকদাৰ আৰু সাংবাদিক ভাৰত ৰাজবংশীয়ে উপস্থিত থাকে ৷ মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে এম্পায়াৰ একাডেমীৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে। সমাৰোহত বাক্সা জিলাৰ ২৮ খন বিদ্যালয়ৰ পৰা মুঠ ১৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু ৭২ টা বিভিন্ন ধৰণৰ প্ৰকল্প প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে আজিৰ এই সমাৰোহৰ পৰা মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত কৰা হয় ৷ 

Leave A Reply