Breaking

গোপাল দাস স্মৃতি দিৱসৰ সামৰণি

0 120

গুৱাহাটী ছাত্ৰীবাৰী গোপাল মেনচনত শনিবাৰে বিয়লি ৪ বজাত গোপাল দাস স্মৃতি দিৱসৰ লগত সংগতি ৰাখি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷

মধ্যগুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰতিমা দেৱী গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত গোপাল দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰৰ্জ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰশাসনীক সম্পাদক নাট্যকাৰ, গল্পকাৰ প্ৰফুল্ল বৰ্মনে, মাল্যাৰ্পণ কৰে গোপাল দাসৰ জ্যেষ্ঠ পুত্ৰ অপুৰ্ব দাসে, বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কবি সাহিত্যিক সমাজ সেৱীকা পুতলী কায়স্থই, মাল্যাৰ্পণ কৰে অসম সাহিত্য সভাৰ ধনভৰালী,কবি মিহিৰ কুমাৰ বৰুৱাই৷

সভাৰ আৰম্ভণিতে সমৱেত গীত পৰিবেশন কৰে মধ্যগুৱাহাটী স্বৰ্ণ শাখাৰ সদস্যা সকলে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিতি থাকে ক্ৰমে কবি মিহিৰ কুমাৰ বৰুৱা, নাট্যকাৰ গল্পকাৰ প্ৰফুল্ল বৰ্মন, কবি সমাজ সেৱিকা পুতলী কায়স্থ, প্ৰৱন্ধকাৰ বিশিষ্ট সাহিত্যিক হীৰেণ মেধি৷

অনুষ্ঠানত ৰাভা গীত পৰিৱেশন কৰে ক্ৰমে জেউতি লহকৰ, তুলিকা লহকৰ, প্ৰণিতা তালুকদাৰ, ৰঞ্জনা দাস, ৰাজ নাৰায়ন মেধিয়ে৷ সলাগৰ শৰাই আগবঢ়ায় বাবুল ৰাজবংশীয়ে শেষত সভাপতিৰ মন্তব্যৰ পিচতে সকলোৱে থিয় হৈ জাতীয় সংগীত পৰিৱেশন কৰে ৷

Leave A Reply