Breaking

বিশিষ্ট সাহিত্যিক ড: লক্ষ্মীনন্দন বৰাৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক

0 554

বিশিষ্ট লেখক তথা সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক, পদ্মশ্ৰী বঁটা প্ৰাপক, সাহিত্য একাডেমী বঁটা বিজয়ী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: লক্ষ্মীনন্দন বৰাৰ বিয়োগত অসম জাতীয় পৰিষদে গভীৰ শোক ব্যক্ত কৰিছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাযোগে অসমীয়া সাহিত্য আৰু সমাজ আকাশৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ ডঃ বৰাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰএছ শোকবাৰ্তাটোত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে
ডঃ বৰাৰ বিয়োগত অসম জাতীয় পৰিষদৰ সমগ্র পৰিয়াল মৰ্মাহত হৈছে। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি গগৈ আৰু ভূঞাই লগতে কয় যে পাতাল ভৈৰবী,গঙা চিলনীৰ পাখি, যাক এৰি নাহিকে উপাম, সেহি গুননিধি আদি কেইবাখনো কালজয়ী উপন্যাসেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি যোৱা ডঃ লক্ষ্মীনন্দন বৰাৰ আবৰ্তমানত অসমীয়া সাহিত্যৰ আকাশখন তেনেই উদং হৈ গ’ল।

Leave A Reply