Breaking

আই আই টি গুৱাহাটীত মহিলা উদ্যোগিক সৱলীকৰণৰ সন্মিলন, বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান মুকলি কৰে ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলানে

0 11

উদ্যোগী কৰণত মহিলাৰ ভূমিকা উচ্চ পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ লগতে ষ্টাৰ্ট‌আপ পৰিবেশ তন্ত্ৰত ভাৰত আৰু ইজৰাইলৰ মাজত সহযোগীতা গঢ়িতোলাৰ উদ্দেশ্য লৈ আই আই টি গুৱাহাটীৰ প্ৰযুক্তি উদ্ভাৱন হাবত(টি আই ডি) আজি মহিলা উদ্যোগীক সৱলীকৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলানে বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত ইজৰাইলৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ভাৰত আৰু ইজৰাইলৰ মাজত থকা সমন্বয় বিষয়ে বহলাই কয়। তেওঁ এই অনুষ্ঠানৰ জৰিয়তে মহিলা সকল উপকৃত হ’ব বুলি কয়। তেওঁ লগতে কয় যে বিশ্বত মহিলা সকলক উদ্যোগীকৰণৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাত বিশেষ ভাৱে সহায় কৰিব। অৰ্থনৈতিক বিকাশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰতো ইজৰাইলৰ ৰাষ্ট্ৰদূত গৰাকীয়ে আলোকপাত কৰে।

বৃহস্পতিবাৰৰ এই অনুষ্ঠানৰ আলোচনাৰ মূল বিষয় বস্তু হল ডিজিটেল যুগত ব্যৱসায়িক বৃদ্ধি, প্ৰযুক্তিৰ লাভ উঠোৱাৰ লগতে উদ্যোগী মহিলা সকল সৱলীকৰণৰ উপৰিও লাভবান হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আই আই টি গুৱাহাটীৰ আই পি এফৰ টি আই এইচৰ প্ৰকল্প সঞ্চালক অধ্যাপক ড°এছ কে দ্বিবেডীয়ে উল্লেখ কৰে যে এই অনুষ্ঠানৰ দ্বাৰা মহিলা উদ্যোগী সকলে সন্মুখীন হোৱা বাধা সমূহৰ ক্ষেত্ৰত এই মঞ্চৰ জৰিয়তে অৰ্থপূৰ্ণ সহায় লাভ কৰিব পাৰিব। তিনিমাহ জুৰি অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত উপস্থিত থাকে ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলানেৰ উপৰিও ফিকো এফ এল অ’ৰ সভানেত্ৰী জয়শ্ৰী দাস বাৰ্মা, বিশ্ব অল উইমেন ভেন্সাৰ কেপিটেল ফাণ্ডৰ মূৰব্বী আমেৰিকাৰ নাভা শ্বেৰক্সি ছ’ফাৰ, প্ৰযুক্তি উদ্ভাৱন হাৱ আই আই টি গুৱাহাটীৰ উপাধ্যক্ষ ডীন জি কৃষ্ণমূৰ্তী,আই আই টি গুৱাহাটীৰ প্ৰযুক্তি উদ্ভাৱন হাবৰ প্ৰকল্প সঞ্চালক অধ্যাপক ড° এছ কে দ্বিবেদীৰ উপৰিও ইজৰাইলৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্ভাৱন এটাচি ড° ৰন গিডনি।

Leave A Reply