Breaking

আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…

0 15

আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ। মথুৰাৰ দুবাৰৰ সাংসদ এগৰাকী ‘ড্ৰিম গাৰ্ল’। উত্তৰ প্ৰদেশৰ মথুৰাৰ বিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী হেমা মালিনীয়েও এক সাক্ষাৎকাৰত দাবী কৰে যে তেওঁ ৫-৭ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব। এইবাৰ যদি তেওঁ নিৰ্বাচনত জয়ী হয় তেন্তে সাংসদ হিচাপে তেওঁৰ হেট্ৰিক হ’ব।আজি দ্বিতীয় পৰ্যায়ত হেমাৰ লোকসভাৰ সমষ্টি মথুৰাতো হয় ভোটগ্ৰহণ।


হেমাই ক’লে, মথুৰা তেওঁৰ গৌৰৱ। তেওঁৰ মতে, তেওঁ মথুৰাৰ বাসিন্দা আৰু তেওঁ এই কেন্দ্ৰটোৰ উন্নয়নৰ বাবে বহু কাম কৰিছে। মথুৰাবাসীও তেওঁৰ কামত সুখী। “ড্ৰিম গাৰ্ল”ৰ দাবী যে তেওঁ স্বাভাৱিকভাৱে জয়ী হোৱাৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী। হেমাৰ ভাষাত, “মই বিজয়ৰ ওপৰত আত্মবিশ্বাসী। মোৰ গোটেই দলটো আত্মবিশ্বাসী। মোৰ দলৰ সদস্যসকল আত্মবিশ্বাসী। তেওঁলোকে বহুত কাম কৰিছে। গতিকে মইও আত্মবিশ্বাসী।”


Leave A Reply