Breaking

বিলাসীপাৰাৰ ছুৱাপাতা ৫ম খণ্ড জাইপাৰা গাঁৱত বন্ধকী ভূমিক লৈ সংঘাত…

0 21

বন্ধকী ভূমি বিবাদৰ সংঘাতত গুৰুত্বভাৱে আহত সহৰ আলী। হাছেন আলিয়ে এক বিঘা ভূমি সহৰ আলী নামৰ ব্যক্তি জনৰ লগত ৮০ হেজাৰ টকাত বন্ধকীত ৰাখিছিল। ভূমি বন্ধকীত ৰখা ৮০ হেজাৰ টকা সহৰ আলীক ঘুৰাই নিদিয়াকৈ উক্ত ভূমিত এবাৰ খেতি কৰি আহিছে হাছেন আলীয়ে। বন্ধকীৰ ভূমিত সহৰ আলীয়ে আজি হাল মাৰিবলৈ গৈছিল।


যদিও উক্ত ভূমিত হাল মাৰিবলৈ যোৱাত কাল হ’ল হাছেন আলিৰ কাশেম আলিৰ,হালেম আলিৰ আদিকে ধৰি কেইবা গৰাকী ব্যক্তিয়ে সহৰ আলিক চোকা অস্ত্ৰৰে হানি খুচি গুৰুত্বভাৱে আঘাত প্ৰাপ্ত কৰে।আঘাতপ্ৰাপ্ত সহৰ আলীক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিছিল।_


যদিও সহৰ আলিৰ শাৰীৰিক বৰ্তমান অৱস্থা অতি সংকট জনক। সহৰ আলিৰ শাৰীৰিক অৱস্থা অতি সংকট জনক হোৱাৰ বাবে সহৰ আলিক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট

Leave A Reply