Breaking

কৃতী শিক্ষক-সমাজসেৱী ইছলামুদ্দিন আহমেদৰ অভিনন্দন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

0 2,044

ঐতিহাসিক পথৰুঘাটৰ ৰইনাকুছি এম.ই মাদ্ৰাছাৰ প্ৰতিষ্ঠা কালৰ প্ৰধান শিক্ষক, সমাজসেৱী আলহাজ ইছলামুদ্দিন আহমেদৰ চাকৰি জীৱনৰ অৱসৰৰ পিছত আজি আঞ্চলিক ৰাইজে তেখেতক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷এই বিদায় সম্বৰ্ধনা অনুষ্ঠানতে তেখেতৰ জীৱনৰ কৰ্মৰাজী আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ইতিবৃত্ত সুঁৱৰি এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে৷ কুলেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত উপস্থিত থাকে ক্ৰমে ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপক এম হাফিজ আলী৷ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চাহাবুদ্দিন আহমেদে উদ্বোধনী ভাষণত বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ইতিবৃত্তিৰ লগতে আহমেদৰ কৰ্মজীৱনৰ আলোকপাত কৰে৷ আজমল হুছেইনে আঁত ধৰা এই অনুষ্ঠানত অৱসৰী প্ৰধানশিক্ষক ইছলামুদ্দিন আহমেদক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে কুৰআন শ্বৰীফ, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ গামোচা, হাজী ৰুমাল, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ ভৱিষ্যত জীৱনৰ দীৰ্ঘায়ু কামনা কৰে৷

এইগৰাকী শিক্ষাগুৰুৰ সামাজিক আৰু শৈক্ষিক অৱদান সম্পৰ্কে ড° আব্দুল ওৱাদুদৰ সম্পাদনাৰে প্ৰকাশ কৰা ‘কৰ্মভূমি’ নামৰ অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকাই৷ শিক্ষা, সমাজ-সংস্কৃতিলৈ আহমেদে যোগোৱা অৱদান সম্পৰ্কে ড° ৰামচন্দ্ৰ ডেকা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অৱসৰী উপাধ্যক্ষ চফিকুৰ ৰহমানে আলোকপাত কৰে৷ সভাত ৰাজা ফাউণ্ডেশ্যন অসমৰ সচিব প্ৰধান মৌলানা ফাৰুক আব্দুল্লাহ নূৰী, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক এম হাফিজ আলি, পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইন, মহকুমা সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ আবু আয়ুব আনচাৰী, সমাজকৰ্মী আফাজুদ্দিন আহমেদ আদি অঞ্চলটোৰ মুৰব্বী ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে৷

Leave A Reply