আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদ প্ৰতীক তালুকদাৰক টংলাত অভিনন্দন…

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান প্ৰতীক তালুকদাৰ।ইউৰোপত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত শৰীৰচৰ্চা খেলত ৪ টাকৈ সোণৰ পদক অৰ্জন কৰে তালুকদাৰে।উল্লেখযোগ্য যে কৰ্ম সূত্ৰে ডুবাই বাস কৰা টংলাৰ সু-সন্তান প্ৰতীক তালুকদাৰে ইউৰোপৰ আয়াৰলেণ্ডত অনুষ্ঠিত হোৱা IFBBৰ বডিবিল্ডিং শ্ব’ত সোণৰ পদক লাভ কৰাৰ লগতে IFBBৰ Pro Card লাভ কৰে।

বুধবাৰে তালুকদাৰ টংলাস্থিত বাসগৃহত উপস্থিত হোৱাত টংলা আঞ্চলিক ছাত্ৰ সন্থা লগতে বহু অনুৰাগীয়ে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰো।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Related Articles