তিতাবৰৰ চুঙী চাহ বাগিচা প্ৰাথমিক সংঘৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধ্যা বাগিচাখনৰ কাৰ্যালয় প্ৰাঙ্গনত বাগিচাখনৰ পৰা উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। চুঙী চাহ বাগিচা প্ৰাথমিক সংঘৰ সভাপতি সঞ্জীৱ ঘাটোৱাৰৰ সভাপতিত্বত আৰু সম্পাদক বকুল গোৱালাই উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন অনুষ্ঠানত ডফলাটিং চাহ বাগিচাৰ মুখ্য পৰিচালক শশীকান্ত আদকীয়া, পৰিচালক শৈলেন্দ্ৰ তিৱাৰী, অসম চাহ মজদুৰ সংঘৰ তিতাবৰ শাখাৰ সভাপতি বগাই ভূমিজ, সংঘৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী নগেন কুৰ্মী, কনচেপ্ত শিক্ষা প্ৰতিষ্ঠানৰ গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদ, সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, চুঙী চাহ বাগিচাৰ পৰিচালক কৃষাণ শৰ্মা আৰু শিক্ষক দিগন্ত হাজৰিকা আদিয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত ৩২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, কলম আদি উপহাৰ সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে মুখ্য পৰিচালক শশীকান্ত আদকীয়াই প্ৰতি গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদানেৰে উৎসাহিত কৰে।