Breaking

প্ৰথম মৃত্যুবাৰ্ষিকীত কংগ্ৰেছ কৰ্মীয়ে স্মৰণ কৰিলে তৰুণ গগৈক

0 2,250

অসমৰ ৰাজনীতিৰ বৃক্ষস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ কাল মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি প্ৰয়াত নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ ৰাজ্যখনৰ প্ৰতিখন জিলাত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেখেতৰ বলিষ্ঠ ব্যক্তিত্বক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৷ গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০.৩০ বজাত প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, সাংসদ তথা তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বলীন কুলী, প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধানসভাৰ মুখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়িকা শিৱামণি বৰা, বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ, অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে নাম-প্ৰসংগৰ লগতে বাইবেল, কোৰাণ আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।ইয়াৰ পিছতে নাগাৰা নামৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতৃত্বই অংশগ্ৰহণ কৰে। আনকি সভাপতি ভূপেন কুমাৰ বৰাই স্বয়ং নাগাৰা বজাই নামত ভাগ লয় ।বলিষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ স্মৃতিচাৰণ কৰি দলৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰমুখ্যে নেতাসকলে প্ৰয়াত নেতা তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ বৃত্তান্ত, তেখেতৰ জীৱন-দৰ্শন আৰু অসমপ্ৰেমৰ বিষয়ে অৱলোকন কৰে ৷ ৰাজীৱ ভৱনৰ এই কেন্দ্ৰীয় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰায়সকল নেতাৰ উপৰি এন এছ ইউ আই, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱাদলৰ নেতৃত্ব আৰু বিপুলসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে ৷

Leave A Reply