Breaking

নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী পদযাত্ৰা ! সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ…

0 22

নামনি মাজুলীত কংগ্ৰেছৰ বৃহৎ বাইক ৰেলী : পদযাত্ৰা:

সংবিধান বচাও শ্ল’গানৰে মুখৰ ৰাজপথ:সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ মাজুলীত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে এক শক্তি প্ৰদৰ্শন কৰে। আজি জেংৰাইমুখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমান্তৰালকৈ নামনি মাজুলীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ অনূসুচীত জাতি বিভাগৰ উদ্যোগত বৃহৎ মটৰ চাইকেল ৰেলী উলিওৱা হয়। মাজুলী জিলা কংগ্ৰেছ অনুসুচীত জাতি বিভাগৰ সহযোগত আজি নামনি মাজুলীৰ কৰতিপাৰ ওখলচুকত আৰম্ভ হোৱা উক্ত মটৰ চাইকেল ৰেলী গড়মূৰৰ ৰাজীৱ ভৱনত সামৰণী মৰা হয়।

নামনি মাজুলীৰ ওখলচুক তিনি আলিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অনুসূচিত জাতি পৰিষদৰ ৰাজ্যিক অধ্যক্ষা কৃষ্ণা দাসে শুভাৰম্ভ কৰা উক্ত মটৰ চাইকেল ৰেলী উদ্বোধনী অনুষ্ঠানত গৌৰৱ গগৈ ফ্ৰেন্ডচ ক্লাবৰ সভাপতি মেঘনাথ চেত্ৰী, মাজুলী জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি থানুৰাম দাস আদিৰ লগতে মাজুলী জিলা কংগ্ৰেছ কমিটিৰ বহুতো বিষয় ববীয়াই অংশগ্ৰহণ কৰে। উক্ত, মটৰ চাইকেল ৰেলী উলিওৱাৰ মাজতে নামনি মাজুলীৰ কাকৰিকটাত ৰেলী ৰখাই এক পদযাত্ৰা কৰা হয়।

তাৰপিছত গড়মূৰলৈকে মটৰ চাইকেল ৰেলী কৰি পুনৰ চিতাদাৰ চুক তিনি আলিৰ পৰা আম্বেদকাৰ ভৱনলৈ পদযাত্ৰা কৰা হয়। আম্বেদকাৰ ভৱনৰ পৰা গড়মূৰ ৰাজীৱ ভৱনলৈ পদযাত্ৰা কৰি ৰেলী সামৰণী মৰা হয়। দুই সহস্ৰাধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত মটৰ চাইকেল ৰেলী আৰু পদযাত্ৰাত সংবিধান বছাও শ্লোগানৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিবলৈ বিভিন্ন শ্লোগান দিয়া হয় । আজিৰ উক্ত মটৰ চাইকেল ৰেলী আৰু পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুসূচিত জাতি পৰিষদৰ অধ্যক্ষা কৃষ্ণা দাসে ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply