Breaking

গোৱাত কংগ্ৰেছৰ খহনীয়া, ৮ বিধায়কে যোগদান কৰিলে বিজেপিত

0 61

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়তে গোৱা কংগ্ৰেছত অঘটন। ৰাজ্য খনত ৮ বিধায়কে কংগ্ৰেছ ত্যাগ কৰি শাসনত থকা দল বিজেপিত যোগদান কৰাৰ পিছতে ৰাজ্য খনত কংগ্ৰেছৰ মাত্ৰ তিনিজন বিধায়কহে বাকী ৰৈছে। বিজেপিত যোগদান কৰা কংগ্ৰেছৰ আঠজন বিধায়কে গোৱা বিধানসভাৰ অধ্যক্ষৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।

কংগ্ৰেছৰ আঠজন বিধায়কে বিজেপি চৰকাৰত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সৈতে যোগাযোগ কৰি আছিল বুলিও জানিব পৰা গৈছে।গোৱা বিজেপিৰ ৰাজ্যিক সভাপতি সদানন্দ তানাভাদে আঠ জন কংগ্ৰেছ বিধায়কে ইতিমধ্যে বিজেপিত যোগদান কৰা বুলি নিশ্চিত কৰিছে।
উল্লেখ্য কংগ্ৰেছ নেতৃত্বই দিগম্বৰ কামাত আৰু মাইকেল লোবোৱে কংগ্ৰেছৰ বিধায়কসকলক প্ৰত্যেককে ৪০ কোটি টকাকৈ আগবঢ়াইছে বুলি অভিযোগ কৰিছিল।

গোৱাৰ ৪০ খন বিধানসভা আসনৰ ভিতৰত ২০ খন আসনত জয়লাভ কৰি বিজেপি শাসনলৈ আহিছিল। ৰাজ্য খনত বিৰোধী কংগ্ৰেছৰ মাত্ৰ ১১ জন বিধায়ক আছিল। এতিয়া ৮ জন বিধায়কে বিজেপিত যোগদান কৰাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ৩ লৈ হ্ৰাস পালে।

বুধবাৰে গোৱাত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া আঠগৰাকী বিধায়ক হৈছে দিগম্বৰ কামাত,মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেশাই, কেদাৰ নায়েক, সংকল্প আমোঙ্কাৰ, এলেক্সো চেকুয়েৰা আৰু ৰুডলফ ফাৰ্ণাণ্ডেজ। যিটো সময়ত ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা চলাইছে তেনে সময়তে গোৱা কংগ্ৰেছত দেখা দিয়া খহনীয়াই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক চিন্তিত কৰি তুলিছে।

Leave A Reply