Breaking

নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা

0 2,133

উত্তৰ অসমৰ ১১০ নং নাওবৈছা বিধান সভা সমষ্টিটো সকলো ৰাজনৈতিক দলৰ বাবেই যেন এটা ডাষ্টবিন ৷ এসময়ত সংগীত সূৰ্য্য, সুধাকণ্ঠ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোত বিগত কেইটামান দশকত বিপুল হাৰত হোৱা জনগাঁথনিৰ পৰিবৰ্তনৰ বাবেই সকলো দলৰ বাবে সমষ্টিটো এটা ঘাটমাউৰা সন্তান স্বৰূপ হৈ পৰিল ৷ ২০১১ চনৰ পৰিসংখ্যা অনুযায়ী সমষ্টিটোত ১,৫৫,৯৭৩ গৰাকী ভোটাৰ আছিল ৷ এ আই ইউ ডি এফে দখল কৰিবলৈ সক্ষম হোৱা সমষ্টিটোত প্ৰায় ৬০ হাজাৰ বংগমুলীয় মুছলমান ভোটাৰ থকাৰ বিপৰীতে আছিল ১ লাখমান আন সম্প্ৰদায়ৰ ভোটাৰ ৷ আজি ২০২১ ত ভোটাৰৰ সংখ্যা অবধাৰিত ভাবেই ৩০/৪০ হাজাৰ বাঢ়িব ৷ সমষ্টিটোত ৬০/৭০ হাজাৰ বংগমুলীয় মুছলমান থকাটোৱেই যেন এতিয়া ৰাজনৈতিক দলবোৰৰ বাবে নিৰ্বাচনী পৰিকল্পনা তৈয়াৰ মুখ্য বিবেচ্য বিষয় ৷ সংখ্যাগৰিষ্ঠসংখ্যক খিলঞ্জীয়া আৰু নেপালী, চাহজনগোষ্ঠী, বিহাৰী, বেংগলী লোকে বসবাস কৰা সমষ্টিটোত কোনো ৰাজনৈতিক দলেই এই ৬০/৭০ হাজাৰ বংগমুলীয় ভোটাৰক আওকাণ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰে ৷ উজনি বা উত্তৰ অসমৰ একমাত্ৰ সমষ্টি হিছাপে নাওবৈছা আজি প্ৰব্ৰজিত মুছলমান সম্প্ৰদায়টোৰ একচেটিয়া সম্পদ স্বৰূপ হৈ পৰিল ৷ বিগত নিৰ্বাচনত এআইইউডিএফৰ ইমদাদুল হক চৌধুৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ ৰাও গজেন্দ্ৰ সিংহক প্ৰায় দুইহাজাৰ ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল ৷ যদিও, অগপৰে মিত্ৰতাৰে বিজেপি দলে উক্ত নিৰ্বাচনতো ৰাজ্যজুৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল তথাপি নাওবৈছাত অগপৰ চিহ্ন লৈ প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত খাউণ্ডে প্ৰায় ৮ হেজাৰ ভোট কাটি পেলাইছিল ৷ বিজেপি কৰ্মী সীমান্ত বৰুৱা বোলা এজনেও নিৰ্দলীয় হিচাপে দুইহাজাৰ মান ভোট কাটি দি এআইইউডিএফক চিটটো পোৱাত সহায় কৰিছিল ৷ অবশ্যে, এইটো স্বীকাৰ কৰিবই লাগিব যে বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেউজন প্ৰাৰ্থীৰ ভিতৰত অধিবক্তা, উচ্চ শিক্ষিত যুৱক মামুদ ইমদাদুল হক চৌধুৰীয়েই আছিল সুযোগ্য প্ৰাৰ্থী ৷ কিন্তু তেওঁ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি বিগত নিৰ্বাচনত জয় লাভ কৰা নাছিল ৷ তেওঁৰ জয় লাভৰ সুত্ৰ আছিল তিনিটা- ১/ ধৰ্মীয় মেৰুকৰণ, ২/তথাকথিত দেশী বিদেশী মেৰুকৰণ আৰু ৩/ অনামুছলমানৰ ভোটৰ মাজত হোৱা ব্যাপক বিভাজন ৷ যিকিনহওক, সমষ্টিৰ উন্নয়নৰ প্ৰসংগত বা বিধান সভাত ৰাজ্যৰ বিভিন্ন জ্বলন্ত ইছ্যুবোৰত বিধায়ক জনৰ ভূমিকাক আমি ইতিবাচক হিচাপেই বিগত পাঁচটা বছৰে প্ৰত্যক্ষ কৰিছিলোঁ  ৷ এতিয়া কথা হ’ল এআইইউডিএফৰ আটাইতকৈ ভাল আৰু সকলো সম্প্ৰদায়ৰ প্ৰতি সহনশীল বিধায়কজনেই এইবাৰ প্ৰাৰ্থীত্ব নাপালে ৷ তেওঁৰ সমষ্টি নাওবৈছাক বুজাবুজিৰ সূত্ৰে কংগ্ৰেছ দলক দান কৰিলে দলৰ নেতৃত্বই ৷ কংগ্ৰেছ দলেও ঢকুৱাখনা সমষ্টিৰ সৰ্বকালৰ বিফল প্ৰাক্তন বিধায়ক ভৰত নৰহক আনি এইবাৰ নাওবৈছাত জাপি দিলেহি ৷ একমাত্ৰ কংগ্ৰেছী সাংসদ তথা ভৰত পত্নী ৰাণী নৰহৰ ষড়যন্ত্ৰতে সুদীৰ্ঘকালে নিস্ক্ৰিয় জ্যেষ্ঠ কংগ্ৰেছীজনক নাওবৈছাত জাপি দি পংকজ শইকীয়াকে ধৰি কেবাজনো উদীয়মান টিকট প্ৰত্যাশীক আকস্মিকভাবে বঞ্চিত কৰি পেলালে ৷ ইয়াৰ ফলাফল কংগ্ৰেছ দলটোৰ বাবে যে ভাল নহ’ব সেয়া সময়ত প্ৰমানিত হ’ব ৷ বিজেপি দলটোৱে এইবাৰ সমষ্টিটো অগপক এৰি দি সঠিক সিদ্ধান্ত লোৱা যেন বোধ হয় ৷ বিগত চাৰিটা নিৰ্বাচনত একেৰাহে প্ৰাৰ্থীত্ব লাভ কৰি উপৰ্যুপৰি পৰাজিত বিহাৰী মুলৰ ৰাও গজেন্দ্ৰ সিংহক সমষ্টি বাসী ৰাইজে মুঠেও পচন্দ নকৰে ৷ বিগত নিৰ্বাচনত উপায়ন্ত হৈ বিজেপি দলৰ স্বাৰ্থত ৰাজে তেঁওক বিপুল হাৰত ভোট দান কৰিছিল অথচ যি কাৰণতে নহওক তেওঁ জিকাৰ ভাগ্য নহল ৷ এইবাৰ জয়ন্ত খাউণ্ডৰ ৰূপত থলুৱা আৰু নিজৰ সমষ্টিৰ নতুন প্ৰাৰ্থী এজন লাভ কৰি ৰাইজে নিশ্চয় নিজৰ ভোটটো সন্তুষ্টিয়ে থবলৈ ঠাই এটা লাভ কৰিলে ৷ সকলো ধৰ্ম সম্প্ৰদায়ক বিশ্বাসত লৈ নিৰ্বাচনী ৰণকৌশল যুগুত কৰিলে এইবাৰ অগপই নাওবৈছা আসনখন লাভ কৰাৰ পূৰ্ণ সুযোগ আছে ৷ অবশ্যে প্ৰাৰ্থীত্ব বঞ্চিত মামুদ ইমদাদুল হক চৌধুৰীৰ এইবাৰ নিৰ্বাচনী ভূমিকা কি হ’ব ইও বহু পৰিমানে সমষ্টিটোত শেষ হাঁহি কোনে মাৰিব তাক নিশ্চিত কৰিব ৷ বাকী, সৰুসুৰা দল আৰু নিৰ্দলীয়ই এইবাৰ সমষ্টিটোত অগপক জিকাৰ ক্ষেত্ৰত বিশেষ হেঙাৰ দিব নোৱাৰিব ৷ এআইইউডিএফৰ পুৰণি ভোটাৰ সকলৰ বাদে বিজেপি কংগ্ৰেছ অগপৰ সকলোবোৰ সমৰ্থক তথা মুলসুতীৰ ৰাইজ আৰু হিন্দীভাষী, বাংলাভাষী, নেপালী আৰু চাহজনগোষ্ঠীলোক সকলে এইবাৰ যে জয়ন্ত খাউণ্ডক হিলদলভাঙি ভোট দিব তাৰ উমান কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহ হোৱাটোৱেই নিশ্চিত কৰিলে ৷

Leave A Reply