Breaking

বকোত দ্বিতীয় বাৰৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নন্দিতা দাসকনগৰবেৰাত উষ্ম আদৰণি দলীয় কৰ্মী – সমৰ্থকৰ

0 2,086

বকো বিধানসভা সমষ্টিত কংগ্ৰেছযে বিধায়িকা নন্দিতা দাসক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। প্ৰাৰ্থীত্ব লাভ কৰি কালি নন্দিতা দাসে সমষ্টিটোৰ ছমৰীয়া ব্লক কংগ্ৰেছ এলেকাত প্ৰবেশৰ  লগে লগে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কেইবা শতাধিক নেতা কৰ্মী আৰু সমৰ্থকে  সুদুৰ  জামলাইৰ পাঁচ কিলোমিটাৰ পথ বাইক ৰেলী কৰি আদৰি আনি নগৰবেৰাস্থ ইন্দিৰা ভৱন প্ৰাংগণত উপস্থিত হয়। পিছত উৎফুল্লিত দলীয় কৰ্মী সকলে নন্দিতা দাসক গামোচা আৰু ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ লগতে আতচবাজী ফুটাই ইন্দিৰা ভৱন প্ৰাংগণ মুখৰিত কৰি তোলে। ইয়াৰ পিছত দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈ সমষ্টিটোৰ ৰংগেশ্বৰীত উৎফুল্লিত কংগ্ৰেছ কৰ্মী সকলে আযোজন কৰা সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি উপস্থিত সকলোকে হাতত চিহ্নত ভোট দি তেওক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়। তদুপৰি কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে সমষ্টিটোৰ টুপামাৰী, বদলা, ৰাংগাপানী, সোণতলী আদি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰি নন্দিতা দাসে সংবাদ মাধ্যমৰ আগত  নিজৰ প্ৰক্ৰিয়া প্ৰকাশ কৰি কয় য়ে দ্বিতীয়বাৰৰ বাবে কৰ্মদক্ষতা চাই দলে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাত মই কংগ্ৰেছৰ উৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ । সমষ্টিটোত বিগত দিনত কৰি অহা সেৱা, বানপানী আৰু লক ডাউন সময়ত দৰিদ্ৰ লোকক ওচৰত গৈ কৰা সহায় – সহযোগিতাৰ তথা বহিঃৰাজ্যৰ পৰা সমষ্টিটোৰ বহু  শ্ৰমিক, শিক্ষাৰ্থীক সহায় কৰাৰ বাবে ৰাইজে মোক পুনৰ নিৰ্বাচিত কৰিব কৈ নন্দিতা দাসে কয় আগন্তক নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থী গৰাকীৰ  লগত মোৰ প্ৰতিন্দ্বিতা হব যদিও বকো সমষ্টিৰ পৰা মই বহু ভোটৰ ব্যৱধানত নিশ্চিতভাৱে জয়ী হম।

Leave A Reply