Breaking

নগাঁৱত কংগ্ৰেছৰ ক্লিনছুইপ; অপতিৰোধ্য বিজেপিৰ নগাঁৱত ১০টা সমষ্টিতে জয়, এখনো আসন নাপালে কংগ্ৰেছে

0 1,226

নগাঁও, ১৯ডিচেম্বৰ: আজি ফলাফল ঘোষিত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ তিৱা পৰিষদীয় সমষ্টিৰ ভোটাৰে সম্পূৰ্ণ ৰূপে প্ৰত্যাখান কৰিলে কংগ্ৰেছ দলক। তিৱা স্বায়ত্বশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ১০টা সমষ্টিত বিজেপি দলে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়। ইয়াৰ বিপৰীত  বিৰোধী দল কংগ্ৰেছ সম্পূৰ্ণৰূপে ধুলিস্যাৎ হৈ পৰিল। কংগ্ৰেছ দলৰ হৈ একমাত্ৰ ২০নং বাৰপূজীয়া সমষ্টিৰ প্ৰাৰ্থী অচ্যুত গাঁওখোৱাই প্ৰবল প্ৰত্যাহ্বান আগবঢ়াই শেষমুহুৰ্তত বিজেপি প্ৰাৰ্থী কমল বৰদলৈৰ হাতত ৭২টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ  আজি ঘোষিত ফলাফলত নগাঁও জিলাৰ অন্তৰ্গত ২০নং বাৰপূজীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কমল বৰদলৈয়ে ২৩৪৫ টা ভোট লাভ কৰা বিপৰীতে কংগ্রেছ প্ৰাৰ্থী অচ্যুত গাওঁখোৱাই ২২৭৩টা ভোট লাভ কৰিবলৈ সক্ষম হয় । একেদৰে ২১নং টোপাকূছিত বিজেপিৰ প্ৰাৰ্থী সুৰুজ কোঁৱৰে নিৰ্দলীয় প্ৰাৰ্থী ইৰামনি বৰদলৈক ৪৬৯ টা ভোটৰ ব্যৱধান পৰাস্ত কৰে ।সমষ্টিটোত সুৰুয কোঁৱৰে ২৭৭৭টা ভোট লাভ কৰা বিপৰীতে ইৰামনি বৰদলৈয়ে ২৩০৮ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ২২নং পুখুৰীপাৰ সমষ্টিত বিজেপিৰ বিশ্বজ্যোতি পাটৰে ৩৬৫৩ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰূপামণি শ‌ইকীয়া ডেকাই ১৩৩৫ টা ভোট লাভ কৰিবলৈহে সক্ষম হয়। ২৩নং জৰাবাৰী সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী গীতামণি কলিতা ভূঞাই ২৮৮০ টা ভোট লাভ কৰা বিপৰীতে কংগ্রেছ প্ৰাৰ্থী ৰিতুমনি দাসে ২৪৯৮ টা ভোট লাভ কৰিবলৈহে সক্ষম হয়। ২৪নং জোঙালবলহু সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী প্ৰণৱজ্যোতি মছৰঙে ৩১৩৪ টা ভোট লাভ কৰা বিপৰীতে কংগ্রেছ প্ৰাৰ্থী মকুট কুমাৰ কোঁৱৰে ২২১২ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ২৫নং চহৰী সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী মোহন সেনাপতিয়ে ২৯১১টা ভোট লাভ কৰা বিপৰীতে  নিৰ্দলীয় প্ৰাৰ্থী দ্বিপেন কোৱঁৰে ২১৭২ টা ভোট লাভ কৰে। ২৮নং লুটুমাৰী সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী বিতু বৰদলৈয়ে ১০৫৯টা ভোট লাভ কৰা বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী বিনন্দ পাটৰে  ৯৬২ টা ভোট লাভ কৰে। ২৯নং কমাৰগাঁৱত বিজেপিৰ বিজয়ী প্ৰাৰ্থী অজিত পাটৰে ৩১৫১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী নিহা ডেকা ৰজাই ১৫৩৬টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ৩০নং নামবৰ লালুংগাওঁ সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী  ইন্দ্ৰ বৰদলৈ ১৭০০ টা ভোট লাভ কৰা বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শুক্লেশ্বৰী বৰদলৈয়ে ১১৬৪ টা ভোট লাভ কৰে ।  ৩১নং লালুংপাৰ সমষ্টিত বিজেপিৰ বিজয়ী প্ৰাৰ্থী মদন বৰদলৈয়ে ২৭৫১টা ভোট লাভ কৰাৰ বিপৰীতে অগপ প্ৰাৰ্থী নগেন বৰদলৈয়ে ১৫৯৭ টা ভোট লাভ কৰিবলৈহে সক্ষম হয়।আনহাতে উল্লেখিত সমষ্টি সমূহত ভালেকেইটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে তৃতীয় স্হানতে সীমাবদ্ধ হৈ থাকিব লগাত পৰে। ইপিনে কংগ্ৰেছী শিবিৰত দেখা দিয়া হতাশাৰ বিপৰীতে  শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীৰ মাজত ব্যাপক উচাহৰ ঢল বয়   । বিজেপিৰ এই জয়ৰ বাবে নগঁঞা ৰাইজক ধন্যবাদ জ্ঞাপন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে  তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ফলাফলত মধ্য অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত যি ৰায়দান কৰিলে সেয়া সচাঁকৈয়ে অভূতপূৰ্ব।এই ফলাফলে ৰাইজ যে উন্নয়নৰ পক্ষত আছে সেই কথাকে প্ৰতীয়মান কৰিলে।বিধায়ক শৰ্মাই দলীয় কাৰ্যকতা সকলৰ লগতে সমষ্টি বাসীয়ে আগবঢ়োৱা অৰিহনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইপিনে ফলাফল ঘোষণা হোৱাৰ পিচতে বিজেপিৰ সমৰ্থক সকলে নগাঁও ডচন স্কুলত স্হাপন কৰা ভোটগণনা কেন্দ্ৰৰ সন্মুখতে থকা ৰাজীৱ ভৱনৰ সন্মুখত ‘বিজেপি জিন্দাবাদ’ ধ্বনি দিয়াও পৰিলক্ষিত হয়। বিজেপিৰ সমৰ্থক সকলে সদৰ সমষ্টিৰ অন্তৰ্গত ২২নং পুখুৰীপাৰৰ বিজয়ী প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লৈ বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহলৈকে  এক বিজয় সমদল বাহিৰ কৰে। আনহাতে আজি ভোটগণনা কেন্দ্ৰত  কংগ্ৰেছৰ এজনো জ্যেষ্ঠ নেতাক দেখা  পোৱা ন’গল। উল্লেখযোগ্য  যে, এইবাৰৰ কংগ্ৰেছৰ  নিৰ্বাচনী প্ৰচাৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, ন কংগ্ৰেছী তথা শিল্পী বাবু, নেকিব আৰু অজয় ফুকনে ব্যাপক প্ৰচাৰ অভিযান চলাইছিল যদিও তিৱা ভোটাৰৰ মন আকৰ্ষিত কৰাত চূড়ান্তৰূপে ব্যৰ্থ হয়।

Leave A Reply