Breaking

মহাজোটৰ পৰা AIUDFক বাদ দিয়া বিতৰ্কৰ পিছত জনিয়াত কংগ্ৰেছত খহনীয়া

0 2,043

বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অাজি এ অাই ইউ ডি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। এই সভাত কংগ্ৰছ দল ত্যাগ কৰি পঞ্চায়ত প্ৰতিনিধি সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত আনুষ্ঠানিক ভাবে এআইইউডিএফ দলত যোগদান কৰে। উল্লেখ্য যে, যি সময়ত মহাজোঁটত থাকিও কংগ্ৰেছ-ইউডিএফৰ মাজত বোকা ছটিওৱা খেল অব্যাহত আছে তেনে  সময়ত কংগ্ৰেছৰ বলিষ্ঠ নেতা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ গৃহ সমষ্টি জনিয়াৰ টাপেশ্বৰাত এআইইউডিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী এআইইউডিএফত যোগদান কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে | অনুষ্ঠানটোত টাপেশ্বৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা আবুজাফৰ আহমেদ, কংগ্ৰেছ দলৰ যুৱনেতা আবু আহমেদৰ উপৰিও পঞ্চায়তৰ সদস্য ৰুহুল আমিন সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে এআইইউডিএফ দলত যোগদান কৰাত তেওঁলোকক এঅাইইউডিএফ’ৰ  নেতৃবৃন্দই উষ্ম অাদৰণি জনায়। সভাত বৰপেটা জিলা এঅাইইউডিএফ সমিতিৰ সভাপতি মুফতি শ্বামছুদ্দিন আহমেদ কাচিমি, উপ-সভাপতি তথা অধিবক্তা ছিৰাজ খান, আবু তাহেৰ আছাদি, বৰপেটা জিলা এঅাইইউডিএফ কমিটিৰ সাধাৰণ সম্পাদক খন্দকাৰ অাশ্ৰাফুল মামুন,জনিয়া  সমষ্টি কমিটীৰ সভাপতি খন্দকাৰ জাকিৰ হুছেইন আৰু অন্যান্য দলীয় নেতৃবৃন্দ উপস্থিত থাকে। 

Leave A Reply