Breaking

বিজেপিৰ ছুনামি ভেদিবলৈ সক্ষম নহ’ল কংগ্ৰেছ; ‘লাডলি বেহেনে’ পদুম ফুলালে মধ্য প্ৰদেশত

0 70

হয়, ভনীসকলৰ সহায়ৰ বাবেই আজি এই ক্ষনত উপনীত হৈছোঁ। মধ্য প্ৰদেশত বিজেপিৰ বিজয় যাত্ৰা পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অকপট স্বীকাৰোক্তি প্ৰদান কৰে শিৱৰাজ সিং চৌহানে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰণনীতি আৰু কৌশলৰ বাবেই মধ্য প্ৰদেশত গেৰুৱা দলে জনতাৰ মন জয় কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে শিৱৰাজ সিং চৌহানে মহিলা সকলক ১ হাজাৰ টকাৰ সলনি মাহিলী ৩ হাজাৰ টকাকৈ আদায় দিয়াৰ লগতে কন্যা সন্তানক ২ লাখকৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল। একেদৰে উজ্জ্বলা আৰু লাডলি বেহেন আঁচনিৰ অধীনত ৪৫০ টকাকৈ গেচৰ চিলিণ্ডাৰ যোগানৰো প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী সভাত।

ৰাজনৈতিক সমীক্ষা সকলে পূৰ্বতে প্ৰকাশ কৰিছিল যে শিৱৰাজ সিং চৌহানৰ মহিলামুখী আঁচনি আৰু প্ৰতিশ্ৰুতিৰ বাবে ৪৪ শতাংশ ভোট আহিব মহিলাৰ পৰা। কাজেই এই তথ্য সত্যত পৰিনত হোৱাত বুলি স্বীকাৰ কৰে শিৱৰাজ সিং চৌহানে।

ইয়াৰ বিপৰীতে কমল নাথৰ কংগ্ৰেছে মধ্য প্ৰদেশত খোপনি পুতিবলৈ বৃথা চেষ্টা কৰাৰ প্ৰমাণ দেওবাৰে জনতাই প্ৰমাণ কৰে। কাৰ্যত কংগ্ৰেছে জনতাৰ ৰায় মানি লোৱাৰ বাহিৰে অন্য বিকল্পওঁ নাই।

Leave A Reply