Breaking

“কংগ্ৰেছ দুৰ্নীতিৰ কেঁকটাছ, বিজেপি বিকশিত ভাৰতৰ ধ্বজাবাহক”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

0 26

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজান আৰু চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত পদাৰ্পণ কৰে আৰু তেখেতক বিজেপি-অগপৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। সোণোৱালক সংগ দিয়ে বিধায়ক তেৰছ গোৱালা, বিনোদ হাজৰিকা প্ৰমুখ্যে বিজেপি-অগপৰ দলীয় বিষয়ববীয়া, গণ্য-মান্য ব্যক্তিসকলে। সোণোৱালে ভাষণ প্ৰসংগত কয়, “সৰ্বাংগীণ বিকাশ আৰু আত্মনিৰ্ভৰতা এতিয়া ভাৰতৰ এক নতুন পৰিচয়। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰ পৰাই সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। বিগত ১০ বছৰ হৈছে দেশৰ বাবে সোণালী সময়। বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত কৃষক, যুৱপ্ৰজন্ম, মহিলা শক্তি, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী সকলোৰে আশা-আকাংক্ষা পূৰণ হৈছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। সেয়েহে আমাৰ চৰকাৰে যুৱশক্তিৰ সবলীকৰণত বিশেষ

অগ্ৰাধিকাৰ দিছে। কংগ্ৰেছে ষাঠি বছৰ ৰাজত্ব কৰি ভাৰতক বিশ্বৰ বুকুত এখন দুৰ্বল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। কংগ্ৰেছৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চল সম্পূৰ্ণৰূপে অৱহেলিত হৈ ৰৈছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণে প্ৰত্যক্ষ কৰিছে সৰ্বাংগীণ উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন যুগ। যোৱা ১০ বছৰত উত্তৰ-পূবত হোৱা আমূল পৰিৱৰ্তনৰ ফলত সমগ্ৰ অঞ্চলটো এতিয়া বাণিজ্যৰ সম্ভাৱ্য ‘হটস্পট’ হৈ পৰিছে। মোদী ডাঙৰীয়াই উত্তৰ-পূবৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰিছে আৰু এক্ট ইষ্ট নীতিক ত্বৰান্বিত কৰি আছিয়ান, বিবিয়ান গোটৰ দেশসমূহৰ সৈতে বাণিজ্যৰ এক সৌহাৰ্দপূৰ্ণ আৰু সম্ভাৱনাপূৰ্ণ পৰিৱেশ গঢ়ি তুলিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিক পুনৰুত্থানৰ দিশত সক্ষম কৰিছে। কংগ্ৰেছে ষাঠি বছৰ শাসনত থকা স্বত্বেও উত্তৰ-পূৰ্বাঞ্চলক দিলে কেৱল উগ্ৰপন্থা, হত্যা-হিংসা, লুণ্ঠন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰী আৰু শোষণ। বিগত ১০ বছৰত মোদী ডাঙৰীয়াই নিজে ৬০ বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। কংগ্ৰেছ হ’ল দুৰ্নীতিৰ কেঁকটাছ আৰু বিজেপি বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ ধ্বজাবাহক। “আজি কংগ্ৰেছ ত‍্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত কেইবাজনো লোকে যোগদান কৰে। সোণোৱালে সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনায়।

সোণোৱালে লগতে কয়, “এনডিএৰ অংশ হিচাপে অগপ, সন্মিলিত গণ শক্তি, ইউপিপিএলে একেলগে এখন নতুন অসম তথা ভাৰতবৰ্ষ গঢ়াৰ স্বাৰ্থত কাম কৰি যাব লাগিব। অসমক শক্তিশালী ৰূপ দি সামগ্ৰিকভাৱে ভাৰতবৰ্ষক শক্তিশালী কৰাই আমাৰ লক্ষ্য। আজিৰ তাৰিখত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে সন্মানসহকাৰে জীয়াই থাকিবলৈ কেন্দ্ৰ আৰু ৰাজ‍্য চৰকাৰৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা

লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ জনগণে সামাজিকভাৱে ন‍্যায় পাবলৈ সক্ষম হৈছে, সামাজিক সুৰক্ষা লাভ কৰিছে, সম-অধিকাৰ লাভ কৰিছে। এই গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিষ্ঠা আৰু সততাৰে কাম কৰিছে। ‘জন ভাগীদাৰী, জন আন্দোলন’ৰ মূলমন্ত্ৰৰে দীক্ষিত হৈ তেওঁ কৰা সুশাসন ব‍্যৱস্থাৰ ফলতে আজি আমি বিশ্বৰ বুকুত নতুন ৰূপত মূৰ দাঙিবলৈ সক্ষম হৈছোঁ। এইখিনি কাম কংগ্ৰেছে ৬০ বছৰ শাসন কৰিও কৰিব নোৱাৰিলে। কংগ্ৰেছে কাম কেৱল শ্লোগানৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে। দৰিদ্ৰতা আঁতৰোৱা, আধুনিক ভাৰত গঢ়াৰ কথা বহুত ক’লে যদিও বাস্তৱত মানুহৰ মনৰ বেদনা বুজিব নোৱাৰিলে। তেওঁলোকে জনসাধাৰণক দিবলগীয়া ন্যূনতম সা-সুবিধা যেনে যাতায়াত, ৰাস্তা-পদূলি, দলং, বিজুলী বাতি, খোৱাপানী, মানুহক থকাৰ বাবে ঘৰ, দৰিদ্ৰ লোকক অন্নমুঠি যোগান ধৰা, ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া শিক্ষা আৰু পোনপটীয়াকৈ অৰ্থদান আদিৰ বাবে অভিলাষী আঁচনি প্ৰৱৰ্তন কৰিব নোৱাৰিলে। কিন্তু মোদী চৰকাৰে এই সকলোবোৰ সা-সুবিধা প্ৰদান কৰি দৰিদ্ৰ নাৰায়ণক যথোচিত ন‍্যায় প্ৰদান কৰিলে। আগতে কেঁচা খৰিৰে ভাত ৰান্ধিবলগীয়া হোৱা দৰিদ্ৰ মহিলাসকলৰ বাবে চৰকাৰে উজ্জ্বলা আঁচনিৰ প্ৰৱৰ্তন কৰিলে।”

Leave A Reply