Breaking

চামগুৰিত কংগ্ৰেছৰ জনজাগৰণ অভিযান

0 2,259

অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি  আৰু বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ চামগুৰিত কংগ্ৰেছ দলে জনজাগৰণ অভিযানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত লাওঁখোৱা আৰু বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা জনজাগৰণ অভিযান কাৰ্যসূচীত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে চামগুৰি তিনিআলিৰ পৰা বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ পদ যাত্ৰা কৰি এখন সভা অনুষ্ঠিত কৰে ৷উক্ত জনজাগৰণ অভিযানৰ পদযাত্ৰা কাৰ্যসূচীত চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিক ম: নাজাৰ, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুল চৌভান চৰকাৰ, নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মা, কংগ্ৰেছ নেতা সুৰেশ বৰাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাই উক্ত পদযাত্ৰাত অংশ গ্ৰহণ কৰে ৷ পদযাত্ৰাৰ অন্তত বাজিয়াগাওঁ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা সভাখনত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ উপস্থিত থকা কংগ্ৰেছৰ বিধায়ক সকলে বিজেপি শাসনাধীন চৰকাৰ খনে অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি তথা বিত্তীয় ব্যৱস্থাপনাৰ ভূল পৰিচালনাৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷নগাঁও জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি তপন কুমাৰ শৰ্মাই আতঁধৰা সভাখনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে, বৰ্তমান চৰকাৰ খনে দুখীয়া মানুহৰ কথা চিন্তা কৰা নাই, যাৰ বাবে   অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ দাম প্ৰতিদিনে বাঢ়ি আছে ৷ কংগ্ৰেছ দলে সদায় দুখীয়া মানুহৰ কথা চিন্তা কৰে কিন্ত বিজেপিয়ে সদায় পুজিপতিৰ কথা চিন্তা কৰে গতিকে ৰাইজ সজাগ আৰু সচেতন হোৱাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে ৷ বজাৰত জ্বলিছে জুই বৰ্তমান চৰকাৰ খন আছে শুই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰ খনক কেচা মাটিৰ গোন্ধ ল’বলৈ আহ্বান জনাই ৷ উক্ত সভাখনত উপস্থিত থকা বিধায়ক সকলে বৰ্তমান চৰকাৰ খনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে ৷আজি অনুষ্ঠিত হোৱা জনজাগৰণ অভিযান কাৰ্যসূচীত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

Leave A Reply