Breaking

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…

0 13

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ।

অৰুণ ৰেড্ডী AICCৰ ছ’চিয়েল মিডিয়াৰ ৰাষ্ট্ৰীয় সমন্বয়ক।

অমিত শ্বাহৰ ভুৱা ভিডিঅ’ গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে শুকুৰবাৰে এজন কংগ্ৰেছ সদস্যক গ্ৰেপ্তাৰ কৰে। কংগ্ৰেছ সদস্য জনৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ আপলোড আৰু প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ‘এক্স’ৰ ‘স্পিৰিট অফ কংগ্ৰেছ’ একাউণ্টটো অৰুণ ৰেড্ডীয়ে পৰিচালনা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে শ্বাহৰ ভুৱা ভিডিঅ’ৰ বিষয়ে অভিযোগ পোৱাৰ পিছতে এজাহাৰ পঞ্জীয়ন কৰিছিল । ভুৱা ভিডিঅ’টোত তেলেংগানাত ধৰ্মীয়ভিত্তিত মুছলমানসকলৰ বাবে কোটা বাতিল কৰাৰ প্ৰসংগত কেতবোৰ মিছা কথা প্ৰচাৰ কৰা হৈছিল।

Leave A Reply