Breaking

ত্ৰিপুৰা জিলাত ৰাজহুৱা সভাত কংগ্ৰেছ নেতা জয় কুমাৰক আক্ৰমণ…

0 48

পশ্চিম ত্ৰিপুৰা জিলাত ৰাজহুৱা সভাত কংগ্ৰেছ নেতা অজয় কুমাৰক আক্ৰমণ কৰাৰ এদিন পিছতে শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে অঞ্চলটোৰ মহকুমা আৰক্ষী বিষয়াজনক নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। বিষয়াসকলৰ মতে, ইচিআইয়ে ত্ৰিপুৰাৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক এছডিপিঅ’ নিলম্বন আৰু তৎকালীনভাৱে অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে।

ইচিআইয়ে ৰাণীবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে পশ্চিম ত্ৰিপুৰাৰ জিৰানিয়া জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন আৰু অপসাৰণৰ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইচিআইয়ে ১৮ জানুৱাৰীত প্ৰকাশ পোৱা পশ্চিম ত্ৰিপুৰা জিলাৰ জিৰানিয়া মহকুমাত সংঘটিত হোৱা ৰাজনৈতিক হিংসাৰ অভিযোগৰ কাণ্ডৰ তদন্তৰ নিৰ্দেশ দিয়ে।

ইচিআইয়ে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াক ৰাজ্যৰ মুখ্য সচিবৰ জৰিয়তে ডিজিপিৰ পৰা প্ৰতিবেদন লাভ কৰি শুকুৰবাৰে বিয়লি ৩.০০ বজাৰ ভিতৰত দাখিল কৰিবলৈ কয়।
বুধবাৰে ইচিআইয়ে উত্তৰ-পূবৰ তিনিখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আধা ঘণ্টাৰ পিছতে কংগ্ৰেছ নেতাগৰাকীৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে নিৰ্বাচন আয়োগে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। অহা ২ মাৰ্চত ঘোষণা কৰা হ’ব তিনিওখন ৰাজ্যৰ ফলাফল।

Leave A Reply