Breaking

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৫০ খনতকৈও অধিক আসনত জয়ৰ নিশ্চিত কংগ্ৰেছৰ…

0 79

কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৫০ খনতকৈও অধিক আসনত জয় সুনিশ্চিত কৰিবলৈ ৰাহুল গান্ধীয়ে দলৰ নেতাসকলক আহ্বান জনায়। কৰ্ণাটক নিৰ্বাচনলৈ এমাহ বাকী আছে। কংগ্ৰেছে ৰাজ্যত প্ৰচাৰ চলাবলৈ আৰু ৰাইজৰ আস্থা লাভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। দেওবাৰৰ পৰা দুদিনীয়া কৰ্ণাটক ভ্ৰমণত আছে দলৰ নেতা ৰাহুল গান্ধী।

দেওবাৰে কোলাৰত ৰাহুল গান্ধীয়ে এখন সভাত ভাষণ দিয়াৰ বিপৰীতে আজি বিদাৰ জিলাৰ ভালকী আৰু হুমনাবাদত দুখনকৈ ৰাজহুৱা সভাত ভাষণ দিব৷ দেওবাৰে দিয়া ভাষণত ৰাহুলে আস্থা প্ৰকাশ কৰে যে ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব। এই সময়ত তেওঁ দলৰ নেতা সকলক ১৫০ খনতকৈও অধিক আসনত জয় সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

ৰাহুল গান্ধীয়ে কয়, “আমি ১৫০খন আসনত নিৰ্বাচনত জয়ী হ’ব লাগিব।” ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি উদ্যোগপতি গৌতম আদানীক আক্ৰমণ কৰি উদ্যোগপতিজনক “দুৰ্নীতিৰ প্ৰতীক” বুলি অভিহিত কৰে। আনহাতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত খোলা কোলাৰত ৰাহুল গান্ধীয়ে ‘মোডী’ উপাধি সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিছিল। এই বক্তব্যৰ বাবে তেওঁক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল আৰু যোৱা মাহত তেওঁ সংসদৰ সদস্যপদ হেৰুৱাইছিল।

Leave A Reply