শিৱসাগৰত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দু-ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছ। বিজেপি চৰকাৰৰ শোষণ আৰু দমনমূলক নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে ৰাইজৰ হৈ মাতমাতি থকাৰ বাবে কংগ্ৰেছ হাই কমাণ্ড ৰাহুল গান্ধীক এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ ভয় দেখুৱাই বহু বছৰৰ পুৰণি ‘হেৰল্ড কাকত’ৰ ধন হৰলুকিৰ গোচৰত অত্যাচাৰ চলাই অহাৰ অভিযোগ তুলিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলে বিজেপি দলৰ অপ-শাসন উদঙাই দিয়াৰ বাবেই এনে দমনমূলক নীতিৰে কংগ্ৰেছ দলৰ মুখ্য নেতা গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও ব্যক্ত কৰে শিৱসাগৰ জিলা কংগ্ৰেছে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা বিজেপি চৰকাৰক এনে নিন্দনীয় কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে জিলা কংগ্ৰেছে।

