Breaking

নগাঁৱত মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ…

0 58

ওচৰ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে একপক্ষীয় প্ৰেমত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সেয়ে অসমৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী গৰাকী।- নগাঁৱত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

নগাঁৱৰ লক্ষীনগৰৰ পৰা আৰম্ভ কৰা এই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়,  বৰ্তমানৰ চৰকাৰখন ঋণৰ বোজাত পৰিছে। সেয়ে সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি কৰি ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে। এইখন ধনী মানুহৰ চৰকাৰহে। মুখ্যমন্ত্ৰীয়ে সাপ হৈ খুটে আকৌ বেজ হৈয়ো জাৰে। সৰ্বদিশতে ৰাইজক প্ৰতাৰণা কৰা হৈছে আৰু এই প্ৰতাৰণাৰ সমূচিত প্ৰত্যুত্তৰ দিব।  

 উল্লেখযোগ্য যে, আজি সমগ্ৰ ভাৰততে কংগ্ৰেছৰ এই যাত্ৰাই ২১দিনত ভৰি দিছে। নগাঁৱত কংগ্ৰেছে দ্বিতীয় দিনৰ এই কাৰ্যসূচী আৰম্ভ কৰাৰ আগমুহুৰ্তত নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আৱক্ষ মূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জনায়। কংগ্ৰেছ নেতৃবৰ্গই নগাঁৱৰ বীণাপাণি মন্দিৰতো পূজা আগবঢ়াই। ইয়াৰ পিছতে বিয়লি ৩বজাত লক্ষীনগৰৰ পৰা সমগ্ৰ চহৰখনতে তেঁওলোকে এই কাৰ্যসূচী ৰূপায়িত কৰে। আজিৰ এই কাৰ্যসূচীত সাংসদ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা, ভাস্কৰ বৰুৱাৰ লগতে কংগ্ৰেছৰ তত্বাৱধাৱক পৃথিৰাজ সাথীয়েও অংশগ্ৰহণ কৰে।

Leave A Reply