Breaking

তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ

0 2,035

বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছে প্ৰাৰ্থিত্বৰ চূড়ান্ত তালিকা ঘোষনা কৰাৰ লগে লগেই ৰাজ্যৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহৰ জুই৷ ইয়াৰ ব্যতিক্ৰম নহয় উজনি অসমৰ তিনিচুকীয়া জিলাও৷ উদীয়মান প্ৰাৰ্থীক বঞ্চিত কৰি জিলাখনৰ কেইবাটাও সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে পুৰ্বৰ বিধায়কসকলকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিজেপিৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়াৰ সমান্তৰালকৈ কংগ্ৰেছতো দেখিবলৈ পোৱা গৈছে বিসম্বাদৰ জুই৷ একালৰ কংগ্ৰেছৰ দুৰ্গস্বৰূপ ১২২ নং তিনিচুকীয়া সমষ্টিত বৰ্তমানে উঠিছে দলত্যাগৰ জোৱাৰ৷ সমষ্টিটোত ১১ গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষীক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি এইবাৰ কংগ্ৰেছ মিত্ৰজোটৰ সতে চামিল থকা আৰ জে দিক সমষ্টিটো এৰি দিয়াৰ কথা ঘোষনা কৰাত এতিয়া তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে কংগ্ৰেছ মহলত৷ তিনিচুকীয়াত  কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশই সমূহীয়াকৈ দল ত্যাগ কৰাৰ কথা ঘোষনা কৰে৷ তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক অৰুন চাহু, দণ্ডী সোনোৱাল, বাবলু কুলদ্বীপ, ৰাজু চাহু সহ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ নেতাই তেওলোকৰ সকলোবোৰ বুথ কমিটি, মণ্ডল কমিটি আৰু ব্লক কমিতিৰ বিষয় ববীয়াই সৰ্বসন্মত সিদ্ধান্তমৰ্মে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষনা কৰে৷ সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক অৰুন চাহুৱে কয় যে, বছৰ বছৰ ধৰি তেওলোকে কংগ্ৰেছ দলৰ উত্তৰনৰ বাবে আহুপুৰুষাৰ্থ কৰি আহিছিল৷ কংগ্ৰেছৰ বাবে তেওলোক নিজৰ জীৱন দিবলৈও সাজু আছিল৷ তিনিচুকীয়া কংগ্ৰেছৰ সৱল নেতৃত্বৰ বাবে স্বাধীনতাৰ পিছৰে পৰা ২০১৬ চনলৈকে সমষ্টিটো কংগ্ৰেছৰে দখলত আছিল৷ ২০১৬ চনত মোডীৰ পৰিবৰ্তনৰ বতাহত সমষ্টিটো বিজেপিৰ হাতলৈ যায় যদিও এইবাৰ পুনৰ সমষ্টিটো কংগ্ৰেছে উদ্ধাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল৷ তেনেক্ষেত্ৰত দলে সমষ্টিটো এইবাৰ নাম গোন্ধ নথকা আৰ জে দি দলক এৰি দিবলৈ লোৱা সিদ্ধান্ত কোনোপধ্যেই গ্ৰহনযোগ্য নহয়৷ দলৰ এনে অবিবেচক সিদ্ধান্তৰ তীব্ৰ বিৰুধীতা কৰি তেওলোকে আজিৰে পৰা ২৭ মাৰ্চলৈকে কংগ্ৰেছৰ হৈ কোনো কাম নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷

Leave A Reply