Breaking

পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

0 543

ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, দুই বিধায়ক শশীকান্ত দাস, শিবামনি বৰা, কংগ্ৰেছ নেতা সুৰেশ বৰা, মৃণাল হাজৰিকাকে ধৰি কেবাগৰাকী কংগ্ৰেছ নেতাই অংশ গ্ৰহন কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে পেট্ৰল, ডিজেলৰ মূল্য দিনে দিনে বৃদ্ধি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে পেট্ৰল- ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়।প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰি , এইখন ১মাহৰ চৰকাৰ নহয়। কাৰণ এতিয়াৰ মুখ্যমন্ত্ৰীজন পূৰ্বতেও ছেকেণ্ড ইন কামাণ্ড আছিল। কিন্তু শিক্ষা আৰু স্বাস্থ্যত একো উন্নতি কৰিব নোৱাৰিলে।” ৰকিবুল হুছেইনে লগতে   ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰো বিৰোধিতা কৰি কয়, নাগালেণ্ড সীমান্তত কিয় উচ্ছেদ চলোৱাৰ সাহস নাই চৰকাৰ। আনহাতে ৰাজ্যত ক’ৰোণাৰ প্ৰকৃত সংখ্যা কমকৈ দেখুওৱাৰ বাবে ঘনজবসতিপূৰ্ণ অঞ্চলত টেষ্ট কৰা নাই বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে।  ইফালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও  এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কয় “বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই প্ৰতিদিনেই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে, ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পাইছে।”

Leave A Reply