Breaking

বিজেপিৰ হাতৰ পৰা সমষ্টি কাঢ়িবলৈ সাজু কংগ্ৰেছ : বাসুদেৱ ছেত্ৰীক প্ৰক্ষেপেৰ মাৰ্ঘেৰিটা পুনৰ উদ্ধাৰৰ চেষ্ঠা কংগ্ৰেছৰ

0 2,032

একালত কংগ্ৰেছৰ দুৰ্গ, বৰ্তমানে বিজেপিৰ দখলত থকা ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টি পুনৰ উদ্ধাৰৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে৷ একালৰ শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে ১৫ টাকৈ বছৰে শাসন কৰা সমষ্টিটোত দলীয় বিসম্বাদ আৰু দেশজুৰি সৃষ্টি হোৱা নৰেন্দ্ৰ মোডীৰ ঢৌৰ পৰিপ্ৰেক্ষিতত বিগত ২০১৬ চনৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ভাস্কৰ শৰ্মাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতে পৰবৰ্তী সময়ত প্ৰদ্যুত বৰদলৈ সমষ্টি এৰি নগাৱলৈ গৈ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছতে সমষ্টিটোত কংগ্ৰেছৰ অস্তিত্ব প্ৰায় শূণ্য হৈ পৰিছিল৷ আৱশ্যে নিষ্ঠাবান কংগ্ৰেছী নেতা বাসুদেৱ ছেত্ৰী, মনোৰঞ্জন বৰগোহাইৰ নেতৃত্বত কংগ্ৰেছ দলটো পুনৰোদ্ধাৰৰ বাবে প্ৰচেষ্ঠা অব্যাহত ৰাখিছে৷ আগন্তুক নিৰ্বাচনৰ বাবে সমষ্টিটোত  তিনিজনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ক্ৰমে মনোৰঞ্জন বৰগোহাই, বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈৰ ভিতৰত বাসুদেৱ ছেত্ৰীৰে প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা অধিক৷ কিয়নো বিজেপিৰ দুই প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ক্ৰমে বিধায়ক ভাস্কৰ শৰ্মা কিম্বা লক্ষ্য কোঁৱৰৰ সতে প্ৰতিদ্ধণ্ডিতা কৰিবলৈ হলে কংগ্ৰেছৰ বাসুদেৱ ছেত্ৰীৰ বিকল্প নাই৷ কিয়নো বিজেপিৰ  বিধায়ক ভাস্কৰ শৰ্মাৰ সতে যদিহে বাসুদেৱ ছেত্ৰীৰ প্ৰতিদ্বণ্ডিতা হয় সমষ্টোটোৰ   তেনেহলে মুঠ ভোটৰ পোলিং হব ৮০.৭০ শতাংশ৷ ভাস্কৰ শৰ্মাই ৩২.৭০ শতাশ ভোট লাভৰ বিপৰীতে বাসু ছেত্ৰীয়ে ২৬.১৫ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ এক ক্ষেত্ৰভিত্তীক সমীকৰনত ভাস্কৰ শৰ্মা প্ৰায় ১২ হেজাৰ ভোটত আগবাঢ়ি আছে যদিও বাসুদেৱ ছেত্ৰীয়ে ভাষিক অসমীয়া, বেংগলী আৰু হিন্দীভাষী ভোট কিছু বঢ়াব পাৰিলে জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ভাস্কৰ শৰ্মা আৰু বাসুদেৱ ছেত্ৰী দুয়োজনেই গোৰ্খা জনগোষ্ঠীৰ হোৱাৰ বাবে ২৮ হেজাৰ গোৰ্খা জনগোষ্ঠীৰ ভিতৰত দুয়োজনেই সমানেই ভোট লাভ কৰাৰ অৱকাশ আছে৷ তাৰোপৰি সমষ্টিটোৰ প্ৰায় ১০ হেজাৰ সংখ্যালঘু ভোটৰ লগতে ৫০ হেজাৰ আদিবাসী ভোটৰ সিংহভাগেই কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে৷ সেইদৰে যদিহে বিজেপিৰ লক্ষ্য কোঁৱৰৰ সতে বাসুদেৱ ছেত্ৰীৰ প্ৰতিদ্বণ্ডিতা হয় তেনেহলে মুঠ ৭৮.৪৬ শতাংশ পুলিং হোৱাৰ সম্ভাৱনা আছে৷ বাসু ছেত্ৰীয়ে ৩৫.২৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ লক্ষ্য কোঁৱৰে ৩২.৯৩ শতাংশ ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ তীব্ৰ প্ৰতিদ্ধণ্ডিতামূলক যুজত বাসুদেৱ ছেত্ৰীয়ে ৫ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ লক্ষ্য কোঁৱৰ আৰু বাসুদেৱ ছেত্ৰীৰ যদিহে প্ৰতিদ্বণ্ডিতা হয় তেনেহলে ২৮ হেজাৰ গোৰ্খা ভোটৰ সমস্ত বাসুদেৱ ছেত্ৰীয়ে লাভ কৰিব৷ কিয়নো বিধায়ক ভাস্কৰ শৰ্মাই ৰাজহুৱা সভাত উগ্ৰ সাম্প্ৰদায়িক ভাষন দিয়াক কেন্দ্ৰ কৰি সমষ্টিটোত অসমীয়া আৰু গোৰ্খা সম্প্ৰদায়ৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ আগন্তুক নিৰ্বাচনত পৰাৰ সম্ভাৱনা আছে৷ বাসুদেৱ ছেত্ৰীৰ পৰিবৰ্তে যদি কংগ্ৰেছে মনোৰঞ্জন বৰগোহাই কিম্বা ৰুবুল গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহলে মুখ ঠেকেচা খোৱাতো নিশ্চিত৷ কিয়নো ভাস্কৰ শৰ্মা আৰু কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহাঁইৰ মাজত প্ৰতিদ্বন্দিতা হলে ভোটৰ পোলিং হ’বগৈ পাৰে ৮৩.৩৭ শতাংশ। বিধায়ক ভাস্কৰ শৰ্মাই লাভ কৰিব পাৰে ৩৯.০৪ শতাংশ আৰু মনোৰঞ্জন বৰগোহাঁইয়ে লাভ কৰিব পাৰে ৩১.৫০ শতাংশ ভোট। প্ৰায় চৈধ্য হেজাৰ ভোটৰ ব্যৱধানত বিধায়ক ভাস্কৰ শৰ্মা জয়ী হোৱাটো খাটাং। সেই একে ধৰণে বিজেপিৰ প্ৰাৰ্থী লক্ষ্য কোঁৱৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ মাজত যদি প্ৰতিদ্বন্দিতা হয় তেন্তে ভোট পোলিং হোৱাৰ সম্ভাৱনা আছে ৭৭.৩৯ শতাংশ৷  লক্ষ্য কোঁৱৰে ৩৪.৫৩ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে মনোৰঞ্জন বৰগোহাঁইয়ে ৩১.৫০ শতাংশ ভোট লাভৰ সম্ভাৱনা আছে৷ প্ৰায় ৬ হেজাৰ ভোটৰ ব্যৱধানত লক্ষ্য কোঁৱৰ জয়ী হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত জনগাঠনিৰ বিন্যাস, সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যবেক্ষন আৰু বিজেপি বিৰুধী ঢৌৰ ওপৰিও বহুকেইটা দিশ সাঙুৰি ক্ষেত্ৰ অধ্যয়নৰ অন্তত এই বিশ্লেষন দাঙি ধৰা হৈছে৷ কংগ্ৰেছ দলেও সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে সমস্ত পৰিক্ষা নিৰিক্ষাৰ অন্তত বাসুদেৱ ছেত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

Leave A Reply