Breaking

৩৯ গৰাকী প্ৰাৰ্থীৰ নামেৰে কংগ্ৰেছে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনৰ প্রথমখন প্ৰাৰ্থী তালিকা, ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে…

0 20

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইদিনমান পূৰ্বে বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত শুকুৰবাৰে কংগ্ৰেছেও। লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিলে। ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে যদিও দিনৰভাগত এইবুলি কথা ওলাইছিল যে কংগ্ৰেছৰ নিৰ্বাচন সমিতিয়ে ৬০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম তালিকাত মোহৰ মাৰিছে। কিন্তু অৱশেষত কালি সন্ধিয়া ৩৯ গৰাকী প্ৰাৰ্থীৰ নামহে ঘোষণা কৰা হয়। তালিকাখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হৈছে ৰাহুল গান্ধী। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তালিকাখনত ২৪ জন অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’বিচিৰ প্ৰাৰ্থী অন্তৰ্ভুক্ত কৰা হৈছে। বাকীবোৰ প্ৰাৰ্থীসকল সাধাৰণ শ্ৰেণীৰ। আজি নাম ঘোষণা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৩১ শতাংশৰ বয়স ৫০ বছৰৰ তলৰ, ৫২ শতাংশৰ বয়স ৬০ বছৰৰ তলৰ।

ৰাহুল গান্ধী আৰু ভূপেশ বাঘেলৰ উপৰি তালকাত শশী থাৰুৰো আন এক গুৰুত্বপূৰ্ণ নাম। তেওঁ তেওঁৰ সমষ্টি তিৰুৱন্তপুৰমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কেচি বেণুগোপালে আলাপুঝাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ডি কে সুৰেশে বাংগালুৰু গ্ৰাম্যৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ভাদাকাৰাৰ বিদায়ী সাংসদ কে মুৰলীধৰণে ত্ৰিশূৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে কৰুণাকৰণৰ পুত্ৰ। ৰাহুলে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই তাকে লৈ চৰ্চা চলি আছিল। শেষত, দলে সেই সমষ্টিৰ পৰাই কংগ্ৰেছ নেতাজনক টিকট দিছিল। অৱশ্যে, বাওঁপন্থী নেত্ৰী বৃন্দা কাৰাটে ৰাহুল গান্ধীক ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিছত দেখা গৈছে যে শতিকা প্ৰাচীন দলটোৱে কাৰাটৰ অনুৰোধৰ প্ৰতি সঁহাৰি নিদিলে। যিহেতু আমেঠিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই, ৰাহুলে তাৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আজি কংগ্ৰেছে প্ৰকাশ কৰা প্ৰথম তালিকাত কেৰালা, ছত্তীশগড়, কৰ্ণাটক, মেঘালয়, ছিকিম, তেলেংগানা আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

Leave A Reply