Breaking

কংগ্ৰেছে দেশৰ মাতৃ আৰু ভগ্নীসকলৰ মঙ্গলসূত্ৰ কাঢ়ি নি মুছলমানক দিব! প্ৰধানমন্ত্ৰী মোদীৰ বিস্ফোৰক মন্তব্য

0 21

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীৰ মতে কংগ্ৰেছে মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ কাঢ়ি লৈ অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিব! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা এনে মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীয়ে প্ৰধানমন্ত্ৰীক দেশৰ বহুতো সমস্যাৰ পৰা মনোযোগ আঁতৰাবলৈ বিভাজনমূলক ৰাজনীতি বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
২০০৬ চনত মোদীয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্তব্যক সমালোচনা কৰিছিল। মোদীয়ে কয় “যেতিয়া কংগ্ৰেছ শাসনত আছিল, কোৱা হৈছিল যে মুছলমানসকলৰ প্ৰথমে দেশৰ সম্পদৰ অধিকাৰ আছে। অৰ্থাৎ পৰিয়ালত অধিক সন্তান থকা সকলৰ মাজত দেশৰ সম্পদ বিতৰণ কৰা হ’ব। দেশৰ সম্পদ অনুপ্ৰৱেশকাৰীসকলক হস্তান্তৰ কৰা হ’ব। কংগ্ৰেছৰ ইস্তাহাৰ অনুসৰি, মাতৃ আৰু ভগ্নীসকলৰ সোণৰ অলংকাৰ গণনা কৰা হ’ব আৰু সম্পদ বিতৰণ কৰা হ’ব। মনমোহন সিং চৰকাৰে কৈছে যে মুছলমানসকলৰ দেশৰ সম্পদৰ অধিকাৰ আছে। এনে পৰিস্থিতিত আপোনাৰ মঙ্গলসূত্ৰও বাদ নপৰিব।”

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোদীৰ এনে তৰল মন্তব্যক কংগ্ৰেছে তীব্ৰ নিন্দা আৰম্ভ কৰিছে। এক্স-হেণ্ডেলত ৰাহুল গান্ধীয়ে কয়, “প্ৰথম পৰ্যায়ৰ ভোটদানৰ পিছত মোদী হতাশ হৈ পৰিছে। সেইকাৰণে তেওঁ বিভ্ৰান্তিকৰ কথা কৈ মানুহৰ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে। কিন্তু দেশৰ মানুহে সকলো সমস্যাৰ কথা মনত ৰাখিয়েই ভোট দিব” । এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়েও মোদীক সমালোচনা কৰিছে । ৱাইচিয়ে কয় “প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ মুছলমানসকলক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰিছে । দৰাচলতে, মোদীয়ে ২০০২ চনৰ পৰা মুছলমানসকলক অত্যাচাৰ কৰি ভোট লাভ কৰি আহিছে। তেওঁৰ কাৰ্যকালত, সকলো সম্পদ কোটিপতি বন্ধুৰ হাতলৈ গৈছে। “অৱশ্যে, বিজেপিয়ে বিৰোধীৰ সমালোচনাক ওফৰাই দিবলৈ ২০০৬ চনত মনমোহন সিঙৰ ভাষণৰ এটা ভিডিঅ’ মুকলি কৰিছে। বিজেপিৰ মতে, প্ৰধানমন্ত্ৰীয়ে এনে অভিযোগ অনাৰ বাবে বিৰোধী এতিয়া বিপদত পৰিছে।

Leave A Reply