হাৰিয়ানাত ট্ৰাকত উঠি ট্ৰাক চালকসকলৰ সমস্যাৰ বুজ ল’লে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে…

ৰাহুল গান্ধীক অনুৰাগীসকলে জননেতা বুলি কয়। কিছুদিন পূৰ্বে দিল্লীৰ বাংলা বজাৰত তেওঁক ফুচকা খাই থকা দেখা গৈছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰায়ে জনসাধাৰণৰ মাজলৈ গৈ তেওঁলোকৰ সমস্যাৰ বুজ লয়। কেতিয়াবা ছাত্ৰ-ছাত্ৰীক লগ কৰে আৰু কেতিয়াবা বজাৰত দেখা যায় নেতাগৰাকীক। সোমবাৰে নিশা তেওঁক ট্ৰাকত উঠি যোৱা দেখা গৈছিল। দিল্লীৰ চণ্ডীগড়লৈকে ট্ৰাকত যাত্ৰা কৰিছিল ৰাহুলে। কংগ্ৰেছে কয় যে ৰাহুল গান্ধীয়ে ট্ৰাক চালকৰ সমস্যা জানিবলৈ এই যাত্ৰা হাতত লৈছিল। কংগ্ৰেছে টুইট কৰি কয় যে, ‘ জননেতা ৰাহুল গান্ধীয়ে তেওঁলোকৰ মাজত ট্ৰাক চালকৰ সমস্যা জানিবলৈ হাত আগবঢ়াইছিল। ৰাহুল ট্ৰাক ড্ৰাইভাৰৰ লগত দিল্লীৰ পৰা চণ্ডীগড়লৈ যাত্ৰা কৰিছিল।

কংগ্ৰেছৰ টুইটটোত কোৱা হৈছে, ‘সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতত প্ৰায় ৯০ লাখ ট্ৰাক চালক আছে।’ যোৱা মাহত দিল্লীৰ বাংলা বজাৰত তেওঁক ফুচকা খোৱা দেখা গৈছিল। চান্দনী চকলৈও গৈ মহব্বত কা শৰবাট নামৰ তৰমুজৰ পানীয় খাইছিল। ইয়াৰ পিছত তেওঁক আল জৱাহাৰ ৰেষ্টুৰেণ্টলৈ গৈ কাবাব খাইছিল। দিল্লীৰ মুখাৰ্জী নগৰতো দেখা গৈছিল ৰাহুল গান্ধীক য’ত তেওঁ ইউ পি এছ চি আৰু এছ এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীক লগ পাইছিল।

ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে দিল্লীৰ শকুৰবস্তি ৰে’লৱে ষ্টেচনৰ সমীপৰ বস্তিটো পৰিদৰ্শন কৰি তাত বাস কৰা মহিলাসকলক লগ কৰে। এই সময়ছোৱাত মহিলাসকলে তেওঁলোকৰ ‘ঘৰত বুলডজাৰ চলোৱাৰ ভয়’ আৰু মুদ্ৰাস্ফীতিৰ দৰে সমস্যাৰ বিষয়ে অৱগত কৰে। আনহাতে কংগ্ৰেছে ৰাহুল গান্ধীৰ মহিলাসকলৰ সৈতে হোৱা বৈঠকৰ ভিডিঅ’ও মুকলি কৰিছিল। ভিডিঅ’টোত একাংশ মহিলাই মুদ্ৰাস্ফীতি আৰু বিশেষকৈ এল পি জি চিলিণ্ডাৰৰ বৰ্ধিত মূল্যক লৈ অভিযোগ কৰা দেখা গৈছিল।


Related Articles