Breaking

মৰাণৰ আকাশত উৰিল কংগ্ৰেছৰ হেলীকপ্তাৰ, একেখন মঞ্চত ভূপেন বৰা, অখিল গগৈ, লুৰিনজ্যোতি গগৈ। কবিতা আওঁৰাই ভূপেন বৰাই পুনৰ ক’লে ” এশ দিনত মুখ্যমন্ত্ৰীৰ চকী লৰিবই”

0 25

মৰাণৰ আকাশত উৰিল কংগ্ৰেছৰ হেলীকপ্তাৰ।

মৰাণত নিৰ্বাচনী সভাত একেখন মঞ্চত ভূপেন বৰা, অখিল গগৈ, জীতেন্দ্ৰৰ সিং, লুৰিনজ্যোতি গগৈ।

কবিতা আওঁৰাই ভূপেন বৰাই পুনৰ ক’লে ” এশ দিনত মুখ্যমন্ত্ৰীৰ চকী লৰিবই”।

“সৰ্বানন্দ সোনোৱাল আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ ৷ সোনোৱালৰ ইনকমিং আছে, আউট গইং নাই” : অখিল গগৈ।

ৰাইজৰ উচাহ দেখি লুৰিনে ক’লে এইবাৰ ডিব্ৰুগড়বাসীয়ে বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে ভোট দিব ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ মৰাণত আজি বিৰোধী ঐক্যমঞ্চৰ এখন নিৰ্বাচনী সভাত একেলগে দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কংগ্ৰেছৰ উত্তৰ পূৰ্ৱাঞ্চলৰ তত্বাৱধায়ক জীতেন্দ্ৰৰ সিং আৰু ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ ৷ সভাত বক্তব্য ৰাখি বিধায়ক অখিল গগৈয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সৰ্বানন্দ সোনোৱালক অৰ্কমন্য, অলগদ্ধ মন্ত্ৰী অভিহিত কৰে ৷ সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড়বাসীক একো দিব নোৱাৰিলে আৰু ভৱিশ্যতেও দিব নোৱাৰে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় সৰ্বানন্দ সোনোৱালৰ ইনকমিং আছে, আউটগয়িং নাই ৷ সৰ্বানন্দ সোনোৱাল আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ বুলিও অভিহিত কৰে অখিল গগৈয়ে ৷ সভাত বক্তব্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সৰ্বানন্দ সোনোৱালৰ সম্পৰ্কত কয় যে তেওঁৰ দৰে মিছলীয়া নাই ৷ অসম চুক্তিখন তেওঁৰ বাবে গীতা, বাইবেল কোৰানৰ দৰে বুলি কোৱা সৰ্বানন্দ সোনোৱালে অসম চুক্তিখন পাহৰি গ’ল বুলি অভিযোগ কৰে ভূপেন বৰাই ৷ একেদৰে সভাত বক্তব্য ৰাখি কংগ্ৰেছৰ অসম তথা উত্তৰ পূৰ্ৱাঞ্চলৰ তত্বাৱধায়ক জীতেন্দৰ সিঙে লুৰিনজ্যোতি গগৈক অসমৰ ভৱিশ্যতৰ নেতা বুলি উল্লেখ কৰি লুৰিনজ্যোতিক জয়ী কৰাবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ৷


আনহাতে সভাত বক্তব্য ৰাখি লুৰিনজ্যোতি গগৈয়ে কয় যে অসম জাতীয় পৰিষদক এটা ক্লাৱ বুলি কোৱা বিজেপিয়ে এতিয়া ক্লাৱটোৰ ভয়ত প্ৰাৰ্থী সলনি কৰিলে ৷ ১৯ এপ্ৰিলত ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনাই লুৰিনে কয় গ্ৰামাঞ্চলৰ ৰাইজে ৯৫ শতাংশ ভোটদান সাব্যস্ত কৰিলে সৰ্বানন্দ সোনোৱাল নালাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নালাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিদণ্ডিতা কৰিবলৈ আহিলেও তেওঁক পৰাজিত কৰিব নোৱাৰে ৷

Leave A Reply