Breaking

মোদী চৰকাৰৰ শ্বেতপত্ৰৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ কৃষ্ণপত্ৰ…

0 22

ইউপিএ চৰকাৰৰ ১০ টা বছৰৰ উন্নয়নৰ ছবি খন উদঙাই মোদী চৰকাৰে আজি প্ৰকাশ কৰে শ্বেতপত্ৰ। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছেও প্ৰস্তুত কৰিছে কৃষ্ণপত্ৰ ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্বেতপত্ৰৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছে এখন কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলাইছে। অহা সোমবাৰে দ্বিতীয়বাৰৰ মোদী চৰকাৰৰ অধীনত সংসদৰ অন্তিম অধিৱেশনৰ দিনা এই কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে৷ সংসদৰ বাজেট অধিৱেশন এদিন বৃদ্ধি কৰিলে মোদী চৰকাৰে। পূৰ্বে ঘোষণা কৰা সময়সূচী অনুসৰি শুকুৰবাৰে (৯ ফেব্ৰুৱাৰী) অধিৱেশনৰ সামৰণি পৰিব। কিন্তু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে কয় যে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম অধিৱেশন শনিবাৰে (১০ ফেব্ৰুৱাৰী) শেষ হ’ব। বিৰোধীয়ে আশংকা কৰিছে যে অধিৱেশনৰ এই বৃদ্ধিৰ উদ্দেশ্য হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক বতাহ উষ্ণ কৰি তোলা। সোমবাৰে প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশনৰ সামৰণি দিনটোত মোদীৰ ভাষণৰ সূচীয়ে সেই সম্ভাৱনাক অধিক শক্তিশালী কৰি তুলিলে। অৱশ্যে সূত্ৰ অনুসৰি মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী থকাৰ সময়ত হোৱা অনিয়ম সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন শ্বেতপত্ৰ প্ৰকাশ কৰে।

এই পৰিৱেশত মোদীৰ শাসনৰ বিগত ১০ বছৰত হোৱা বিত্তীয় অনিয়মৰ ওপৰত কংগ্ৰেছে কৃষ্ণপত্ৰ প্ৰকাশ কৰিব পাৰে বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে। প্ৰসংগক্ৰমে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট প্ৰস্তাৱ (ভোট অন একাউণ্ট) দাখিল কৰে।

Leave A Reply