Breaking

সাওকুছি বুধবৰীয়া বজাৰত আৰু দিশপুৰ ছুপাৰ মাৰ্কেটত কংগ্রেছৰ মীৰা বৰঠাকুৰৰ নির্বাচনী প্রচাৰ

0 11

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নির্বাচনী প্রচাৰ ক্ৰমাৎ আকর্ষণীয় হৈ পৰিছে। শাসকীয় বিজেপি দলৰ প্রার্থী বিজুলী কলিতা মেধিৰ সমান্তৰালকৈ কংগ্রেছৰ মহাজোটৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও সমষ্টিটোৰ চূকে কোণে দলীয় সমর্থকক লগত লৈ ব্যাপক নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ হিচাপে আজি কংগ্ৰেছৰ প্রার্থী মীৰা বৰঠাকুৰে লখৰাৰ সাওঁকুছি বুধবৰীয়া বজাৰত নির্বাচনী প্রচাৰ চলায়। কংগ্রেছৰ প্রার্থীগৰাকীয়ে আজি নিজ সমর্থকক লগত লৈ সাওকুছিৰ বুধবৰীয়া বজাৰত উপস্থিত হৈ ব্যবসায়ীসকলৰ সৈতে মত বিনিময় কৰি গণতন্ত্র বক্ষাৰ স্বাৰ্থত এইবাৰ লোকসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট প্রদান কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়।

তেঁও লগতে কয় যে বিজেপিৰ শাসনকালত দেশত মূল্যবৃদ্ধিয়ে জনগগক জুৰুলা কৰিছে। গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি অত্যাবশ্যকীয় সামগ্রীৰ ঊর্ধ্বগামী দামে মধ্যবিত্ত পৰিয়ালক বাৰুকৈয়ে মাধমাৰ সোধাইছে। তদুপৰি বিজেপিৰ শাসনকালত দেশৰ নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ লগতে শান্তি সম্প্রীতির প্রতি চৰম ভাবুকি নামি আহিছে। বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰৰ বিরুদ্ধে মাত মতা সকলক জে’ললৈ প্রেৰণ কৰি মুখ বন্ধ কৰাৰ চেষ্টা চলোৱা হৈছে। আনহাতে বিভিন্ন সমস্যাৰে ভাবাক্রান্ত গুৱাহাটীবাসীৰ সমস্যা সমাধানৰ ক্ষেত্রত বিজেপির তদানীন্তন সাংসদ কুইন ওজা চূড়ান্তভাবে ব্যর্থ হৈছে। কেন্দ্র আৰু ৰাজ্যত বিজেপি শাসনত থকাৰ পিছতো বিজেপিৰ সাংসদ গৰাকীয়ে গুৱাহাটীবাসীৰ সমস্যা সমাধান কৰিব পৰা নাই। সেয়েহে গুৱাহাটী মহানগৰীৰ খোৱাপানীকে আদি কৰি যাবতীয় সমস্যা সমাধানব বাবে আগন্তুক লোকসভা নির্বাচনত কংগ্রেছৰ প্রার্থীগৰাকীক ভোটদানৰ বাবে তেঁও আহ্বান জনায়।

Leave A Reply