Breaking

ধুবুৰীৰ ভাষানী চৰ গাঁও পঞ্চায়তত বিধায়ক উন্নয়ন পুঁজিৰ অধীনত তিনি লাখ টকাৰ এখন পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

0 110

ধুবুৰীৰ ভাষানী চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিধায়ক উন্নয়ন পুজিৰ অধিনত মহম্মদ আলীৰ ঘৰৰ পৰা সেখেৰ উল্লা এম,ই,স্কুললৈকৈ এখন পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। তিনি লাখ টকাৰ ব্যায় সাপেক্ষে পথ নিৰ্মাণৰ শুভ উদ্বোধন কৰে এ আই ইউ ডি এফ দলৰ ভাষানী চৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিনে ।

দৰাচলতে শুভাৰম্ভ অনুষ্ঠান খনত স্থানীয় মুৰব্বী সকলোকে ধৰি দলীয় সদস্য সদস্যা সকলকে ধৰি এ আই উ ডি এফ দলৰ নেতা কৰ্মী সকলক এখন কৈ ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায় ভাষানী চৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা , অৱশ্যে আজিৰ এই অনুষ্ঠানত ২৩ নং ধুবুৰীৰ বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল হকে সমষ্টিখনত যথেষ্ট কাম কৰিছে আৰু ভৱিষ্যতে কৰি যাব বুলি মন্তব্য কৰে ভাষানী চৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিনে।


ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ

Leave A Reply