গুৱাহাটীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ ধাৰাবাহিক অভিযান

গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে  আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত  গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ  কাৰ্যালয়ে বিগত সময়চোৱাত চুলাই মদৰ উপৰিও  দেশী –  বিদেশী অবৈধ সুৰাৰ  বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে ।  আনহাতে   কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস  আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে এক  অভিযান চলায় । আৱকাৰী  বিভাগৰ সূত্ৰই  সদৰি কৰা অনুসৰি   উলুবাৰী কছাৰীবস্তি  ,  ফটাশিল আমবাৰী হৰিজন কলনী  , ভূতনাথ , আঠগাঁও , উজান বজাৰ, নাৰিকলবস্তি  আৰু  জাপৰিগোগ  আদিত চলোৱা অভিযানত  প্ৰায় ৭০  লিটাৰৰো অধিক চুলাই মদ , ১৩০ টা বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাৰ কোৱাৰ্টাৰ বটল আৰু ৪ কার্টুন  বিয়েৰ জব্দ কৰা হয় । লগতে মহিলাসহ মুঠ তিনিজন বিক্ৰেতাক হাতে লোটে   আটক কৰা হয়  । আনহাতে অভিযানত ৬ জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৩ হাজাৰ টকা সংগ্ৰহ কৰা হয় ।

Related Articles