Breaking

চিৰাঙৰ বিজনীত NRL আৰু নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ মাজত চুক্তি স্বাক্ষৰ সভা। উপস্থিত কেন্দ্ৰীয় পেট্ৰলিয়া আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

0 571

চিৰাং জিলাৰ বিজনীস্থিত নৰ্থ ইষ্ট মিলিটাৰী স্কুললৈ ১ কোটি ৯০ লাখ টকা NRL ৰ।আজি বিজনীত NRL আৰু নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ মাজত স্বাক্ষৰিত হ’ল এক চুক্তি।কেন্দ্ৰীয় পেট্ৰলিয়া আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত স্বাক্ষৰিত হ’ল এই চুক্তি।অসমৰ ভিতৰতে আগশাৰীৰ সৈনিক স্কুল হিচাপে পৰিগণিত কৰাৰ লক্ষ্যৰে NRL ৰ তৰফৰ পৰা বিজনীৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ অত্যাধুনিক ছাত্ৰাবাস নিৰ্মাণৰ বাবে আগবঢ়ায় এই বৃহৎ পৰিমাণৰ ধনৰাশী। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তেলীয়ে নৰ্থ ইষ্ট মিলিটাৰী স্কুলত হোষ্টেলৰ ভাল সুবিধা থাকিলে বাহিৰৰ লৰা ছোৱালী আহিব ফলত স্কুলখন আগুৱাই যাব বুলি কয়।বঙাইগাঁও ৰিফেইনাৰি খন 2.7 মিলিয়ন মেট্ৰিকটনৰ ৰিফেইনাৰি হয়।ইয়াক 5 মিলিয়ন কৰাৰ লক্ষ্য হাতত লোৱা হৈছে আৰু ২৫ চনৰ ভিতৰতে এই সকলোবোৰ সিদ্ধান্ত লোৱাৰ বাবে দাবী জনোৱা হৈছ বুলি উল্লেখ কৰে।

নুমলিগড় ৰিফেইনাৰি 3 মিলিয়নৰ পৰা 9 মিলিয়ন কৰা হৈছে। বাহিৰৰ পৰা তেল আনি হলেও ৰিফেইনাৰি বোৰ বৰ্দ্ধিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।২৩ চনত নুমলিগড়ত বাঁহৰ প্ৰকল্পটো সম্পূৰ্ণ হ’ব।খেতিয়ক সকল উপকৃত হ’ব।সেইকাৰণে ফিনলেণ্ডৰ পৰা এটা টেকনোল’জি অনা হৈছে।য’ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা হ’ব।বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাক্ষত অনুষ্ঠিত এই চুক্তি স্বাক্ষৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰিও বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, জিলা উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী, NRL ৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন, GM প্ৰাঞ্জল শইকীয়া উপস্থিত থাকে।

Leave A Reply