Breaking

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ সৰ্বশিক্ষা ঐক্যমঞ্চৰ বৰঙণি প্ৰদান

0 2,016

সদৌ অসম সৰ্বশিক্ষা ৩য়, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ঐক্যমঞ্চৰ তৰফৰ দেশৰ ক’ভিড পৰিস্হিতি মোকাবিলা কৰাৰ বাবে অসম চৰকাৰৰ সাহাৰ্যপুঁজিলৈ কিছু অনুদান আগবঢ়ায়। যোৱা ১৭জুন তাৰিখে ঐক্যমঞ্চৰ এটা সজাতি দ’লে  অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঐক্যমঞ্চৰ জমা পুঁজিৰ তৰফৰ পৰা ১,৩১,০০০(একলাখ একত্ৰিশ হাজাৰ) টকা ড্ৰাফট্ যোগে  মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বৰঙনি আগবঢ়ায়। আনহাতে  সমগ্ৰ অসমতে সৰ্বশিক্ষাৰ কৰ্মৰত ৩৩ খন জিলাৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এদিনৰ দৰমহা কৰ্তনৰ পৰা প্ৰায় ২৪,৫০,৬৩৭(চৌব্বিশ লাখ পঞ্চাশ হাজাৰ ছশ সাতত্ৰিশ) টকা দিয়া হয় বুলি ঐক্য মঞ্চৰ তৰফৰ পৰা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী সাক্ষাৎ অনুষ্ঠানত উপস্থিত থাকে ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰশেখৰ শৰ্মা, ভূদেৱ গোস্বামী, সাধাৰণ সম্পাদক উত্তম দত্ত, যুটীয়া সম্পাদক মনোজ ডেকা আৰু কাৰ্যকৰী সদস্য ক্ৰমে জিতু বৰুৱা, হেমন্ত শৰ্মা আৰু ৰঞ্জোৎপল বৰঠাকুৰ। দ’লটিয়ে লগতে মুখ্যমন্ত্ৰীক সৰ্বশিক্ষাৰকৰ্মচাৰীসকলৰ চাকৰীৰ ম্যাদ আৰু নিৰাপত্তা ৬০ বছৰলৈ সুঃনিশ্চিত কৰিবলৈ জনোৱা অনুৰোধৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি কমদিনৰ ভিতৰতে সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বুলি ঐক্যমঞ্চৰ তৰফৰ পৰা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সময়ত ঐক্যমঞ্চৰ সজাতি দ’লটিক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ মাননীয় বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱাই।

Leave A Reply