যি সময়ত ধৰ্মক লৈ একাংশই ৰাজনীতিত নামি পৰিছে তেনে সময়তে খুমটাইৰ পাঁচখন গাঁৱৰ ৰাইজে দেখুৱালে একতাৰ অপূৰ্ব নিদৰ্শন। হাতে হাতে জাকৈ খালৈ, জাল লৈ সহস্ৰাধিক লোকে খুমটাইৰ মৌখোৱা বিলত পৰম্পৰা অনুসৰি জাতি ধৰ্ম- বৰ্ণ নিৰ্বিশেষে পাঁচখন গাঁৱৰ ৰাইজে একেলগে ধৰিলে মাছ। খুমটাইৰ মৎশ্য শিল্প সমবায় সমিতিৰ দ্বাৰা ১৯৬৬ চনৰ পৰাই মৌখোৱা, নাথ গাঁও, দাবিদুবি,মেলামৰা, মচদুৰ গাঁও আদি দাঁতি কাষৰীয়া পাঁচখন গাঁৱৰ ৰাইজে একেলকে মাছ ধৰি বিলাই আহিছে ঐনক্যৰ মাজত ঐক্যৰ বতৰা।
জাতি – ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে মৌখোৱা বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে । স্বতঃস্ফুৰ্ত ৰং-ধেমালিৰ মাজেৰে ঐক্য-সংহতিৰ চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ-মহিলা, ডেকা-গাভৰুৱে মাছ ধৰাৰ বাবে বিলত নামে ৷ উল্লেখ্য যে হিন্দু মুছলমান আদি ধৰ্মৰ বিবেদ হৈ থকাৰ সময়তে খুমটাইৰ এই গাঁও কেইখনে দেখাইছে সমন্বয়ৰ আদৰ্শ।