Breaking

ক’ভিডৰ পৰা ৰক্ষা পাবলৈ উত্তৰ প্রদেশত সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ

0 2,018

আধুনিক বিজ্ঞানৰ চিকিৎসাত বিশ্বাসী হৈও কালান্তক ক’ৰোনাৰ পৰা ৰক্ষা পৰিবলৈ দেশব্যাপী একাংশ লোকে অদৃশ্য শক্তি ঈশ্বৰৰ শৰণাপন্ন হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ পৰা নিজকে ৰক্ষা পাবলৈ শেহতীয়াভাৱে উত্তৰ প্রদেশৰ প্রতাপগড়ৰ শুক্লাপুৰ গাঁৱৰ বাসিন্দাসকলে সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ৷

এডাল নিমগছৰ তলত সাজি উলিওৱা ক’ৰোনা মাতা মন্দিৰত গাঁওবাসীয়ে নিতৌ দেৱীৰ পৰা আশীর্বাদ বিচাৰে৷ এই মন্দিৰটোত ক’ৰোনা মাতা মূর্তিত এখন সেউজীয়া মাস্ক পৰিধান কৰোৱা হৈছে৷ স্থানীয় বাসিন্দাসকলে বিশ্বাস কৰা মতে এই মন্দিৰটো নির্মাণ কৰিবলৈ অঞ্চলৰ পৰা ধন সংগ্রহ কৰা হৈছে৷

এই সংগৃহীত ধনেৰে স্থাপন কৰা মন্দিৰটোত দেৱীৰ আশীর্বাদ ল’লে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰে৷ তাৎপর্যপূর্ণ যে মন্দিৰটোত ক’ভিড–১৯ প্রট’কল মানি প্রার্থনা কৰা হয়৷

Leave A Reply