Breaking

ক’ৰোনাই হাথিয়াৰ : চিবিএছইৰ পাঠ্যক্ৰম হ্ৰাসৰ নামত বাদ পৰিল ধর্মনিৰপেক্ষতা, খাদ্য সুৰক্ষা অধ্যায় ৷

0 1,179

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰিল৷ বাতিল হ’ল বহু পৰীক্ষা ৷ এই পৰিস্থিতিত শিক্ষাৰ্থীৰ ওপৰত চাপ কমাবৰ বাবে পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা জনালে চিবিএছইয়ে৷ ইয়াকে হাথিয়াৰ কৰি পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হ’ল ধর্মনিৰপেক্ষতা (Secularism), দেশৰ যুক্তৰাষ্ট্রীয় কাঠামো (Federalism), ভাৰতৰ খাদ্য নিৰাপত্তা (Food Security), নাগৰিকত্ব (Citizenship)ৰ দৰে গুৰুত্বপূর্ণ অধ্যায়। ইয়াকে লৈ এতিয়া পানী ঘোলা কৰিছে বিভিন্ন মহলে৷ পাঠ্যক্ৰম হ্ৰাস কৰাৰ পাছত ৰাজনৈতিক উদ্দেশ্যে নিহিত আছে বুলি চৰ্চা হৈছে৷ কিন্তু এই সকলো অভিযোগ খণ্ডন কৰিছে চিবিএছইয়ে৷ উল্লেখ্য যে ক’ৰোনাৰ বাবে দেশৰ শিক্ষানুষ্ঠানবোৰ মাৰ্চ মাহৰ পৰা তলা লাগি আছে৷ ছাত্ৰ-ছাত্ৰীৰ কথাৰ প্ৰতি গুৰুত্ব দি চিবিএছইয়ে জনাইছিল যে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰম কিছু হ্ৰাস কৰা হ’ব৷ বুধবাৰে সেই মতেই ২০২০-২০২১ শিক্ষাবর্যৰ বাবে ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ নতুন পাঠ্যক্ৰম প্ৰকাশ কৰে৷ একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা সম্পূৰ্ণ বাদ দিয়া হ’ল যুক্তৰাষ্ট্রীয় কাঠামো (Federalism), নাগৰিকত্ব (Citizenship), জাতীয়তাবাদ (Nationalism) আৰু ধর্মনিৰপেক্ষতা (Secularism)। ইয়াৰ লগতে স্থানীয় প্ৰশাসন সংক্ৰান্তীয় অধ্যায়ৰ দুটা অংশ বাদ দিয়া হৈছে৷ সেয়া হ’ল ‘কেনেকুৱা স্থানীয় প্রশাসনৰ প্ৰয়োজন?’ আৰু ‘ভাৰতৰ স্থানীয় প্রশাসনৰ অগ্রগতি’৷ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা বাদ দিয়া হৈছে ‘সমসাময়িক বিশ্বৰ নিৰাপত্তা’, ‘পৰিৱেশ আৰু প্রাকৃতিক সম্পদ’ আৰু ‘ভাৰতৰ সামাজিক আৰু নতুন সামাজিক আন্দোলন।’ নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে গণতান্ত্রিক অধিকাৰ (Democratic Rights) অধ্যায়টো। অর্থনীতিৰ পৰা বাদ পৰিছে একাধিক গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াৰ ভিতৰত আছে পৰিকল্পনা উন্নয়ন’ (Planned Development), ‘ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ ধাৰা সলনি’, ‘প্লেনিং কমিচন আৰু পঞ্চবার্ষিকী পৰিকল্পনা’ (Planning Commission and Five years plan), বাংলাদেশ, পাকিস্তান, শ্রীলংকা, নেপাল, ম্যানমাৰৰ দৰে প্রতিৱেশী দেশবোৰৰ সৈতে ভাৰতৰ বৈদেশিক সম্পর্কও। আনকি ‘গণতন্ত্র আৰু বৈচিত্র্য’, ‘জাতি-ধর্ম-লিংগ’ শীর্ষক অধ্যায়টোও পাঠ্যক্ৰমৰ পৰা বাদ দিছে। লগতে বাদ পৰিছে খাদ্য সুৰক্ষা (Food Security) অধ্যায়টোও। চিবিএছইৰ এই সিদ্ধান্তক লৈ দেশত বিতৰ্ক আৰম্ভ হৈছে৷ সমালোচকসকলৰ দাবী, ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছে৷ বিজেপি তথা সংঘ পৰিয়ালৰ মতাদৰ্শ বিৰোধী অধ্যায়বোৰত কেঁচি চলোৱা হৈছে৷ এনে পৰিস্থিতিত চিবিএছইয়ে কয়, ইয়াৰ পাছত ৰাজনৈতিক উদ্দেশ্য নাই৷ ক’ৰোনা পৰিস্থিতিৰ বাবেই কেৱল ২০২০-২১ শিক্ষাবর্ষত কাৰ্যকৰী কৰা হ’ব ৷

Leave A Reply