Breaking

মাজবাটৰ বেটেলি চাহ বাগিছাত ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ

0 531

সমগ্ৰ ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰোনা মহামাৰী ওদালগুৰি জিলাৰ মাজবাটৰ বেটেলি চাহ বাগিছাত দিনক দিনে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত  বৃদ্ধি হোৱাত  অঞ্চল জুৰি এক আতংকময় সৃষ্টি হৈছে । মাজবাটৰ  টাউন গাঁৱ অঞ্চলৰ লগতে মহামাৰী ক’ৰোনা সংক্ৰমণ সমানে বৃদ্ধি পাইছে চাহ বাগিছা অঞ্চল সমুহতো । ১৯ মে’ ৰ পৰা  ২৮মে লৈকে স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষাত  ৯১ গৰাকী ব্যক্তিৰ দেহত ক’ভিড আক্ৰান্তৰ লক্ষণ ধৰা পৰে । ১৯ মে’ তাৰিখে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত কুকুৰাখাইটী গাঁৱত ১৩ জন লোকৰ দেহত ক’ৰোনাৰ লক্ষণ ধৰা পৰাত ওদালগুৰি জিলা প্ৰশাসনে গাঁৱখনক Micro Containment Zone হিচাপে ঘোষণা কৰে । আনহাতে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিছা, লামাবাৰী চাহ বাগিছা,বেতিবাৰী চাহ বাগিছা , মাজবাট চাহ বাগিছা আৰু বেটেলি চাহ বাগিছাত প্ৰতিদিনে ক’ৰোনাত আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। আন আন চাহ বাগিছাৰ তুলনাত বেটেলি চাহ বাগিছাত দিনক দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সচেতন মহলৰ লগতে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে । ২৬ মে’ তাৰিখে বেটেলি চাহ বাগিছাত ক’ৰোনাত আক্ৰান্ত হয় ১৭ গৰাকী ব্যক্তি ।২৭ মে’ তাৰিখে আক্ৰান্তৰ লক্ষণ ধৰা পৰে ১২ গৰাকী ব্যক্তিৰ দেহত ।ক’ভিডৰ এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি  স্বাস্থ্য বিভাগে বেটেলি চাহ বাগিছাত ৰেপিড এন্টিজেন পৰীক্ষা কৰাত ২৮ মে” তাৰিখে পুণৰ ১২ গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ লক্ষণ ধৰা পৰে । ১৯ মে’ ৰ পৰা ২৮ মেলৈকে মাজবাটৰ বিভিন্ন অঞ্চলৰ তুলনাত ক’ভিডত আক্ৰান্তৰ সংখ্যা বেটেলি চাহ বাগিচাত ভয়ানক ভাৱে ৪১ গৰাকীলৈ বৃদ্ধি হোৱাত  সচেতন মহলৰ লগতে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে ।বেটেলি চাহ বাগিচাত ক’ৰোনা সংক্ৰমণ ভয়ানক ভাৱে বৃদ্ধি হোৱাত বিটিচি পৰিষদীয় সমষ্টিৰ ৩৯ নংপাঁচনৈ চেৰফাং সমষ্টিৰ এম.চি.এলে দীপক মৌৰ মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুৰজ সোণোৱাল ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ডৰ ব্লক বিপিএম পংকজ সভাপন্ডিত  চাহ বাগিচাৰ পৰিচালক আৰু বিষয়ববীয়া সকলৰ লগত বেটেলি চাহ বাগিচাত ক’ভিড সম্পৰ্কীয় ৰাইজৰ মাজত সজাগতা আনিবলৈ চাহ বাগিছাত উপস্হিত হয়  আৰু ভেকচিনেচন আৰু ক’ভিড কেয়াৰ চেন্টাৰ প্ৰদৰ্শন কৰে । মাজবাট অঞ্চলৰ বিভিন্ন চাহ বাগিচা আৰু গাঁৱ সমুহত ক’ৰোনা সংক্ৰমণৰ লক্ষণ বৃদ্ধি হৈ আছে যদিও এতিয়াও এনে বহুসংখ্যক লোকে চৰকাৰী নীতি- নীয়ম নামানি বজাৰ , বেংক আদিত মাস্ক পৰিধান নকৰাকৈ ঘুৰি ফুৰা দেখা যায় ।সেয়ে এনে ভয়বহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি সজাগ আৰু সচেতন হৈ ক’ভিডৰ নিতি নিয়ম মানি চলিবলৈ স্বাস্থ্য বিভাগে সকলোকে আহ্বান জনাইছে ।  আনহাতে স্থানীয় প্ৰশাসনক একাংশ সচেতন মাজবাট বাসী ৰাইজে ক’ভিডৰ নীতি নিয়ম নামানি মাস্ক আৰু সামাজিক দূৰত্ব বজাই নাৰাখি অনাই বনাই ঘূৰি ফুৰা লোক সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।ইপিনে ২৮মেত মাজবাটৰ পাহাৰ তলীৰ ২নং ধনশ্ৰী বাগান গাঁৱত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ৪০ গৰাকী ব্যক্তিক ৰেপিড এন্টিজেন পৰীক্ষা কৰাত ৬ গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ লক্ষণ ধৰা পৰাত উক্ত গাঁৱ খনক ওদালগুৰি জিলা প্ৰশাসনে  Containment Zone হিচাপে ঘোষণা কৰে ।

Leave A Reply