Breaking

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ৰনাৰ গণসংক্ৰমণ

0 2,043

 শিৱসাগৰ জিলাতো চহৰে-গাঁৱে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তে এইবাৰ শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ৰনা ভাইৰাছৰ গণসংক্ৰমণ৷ দুটা দিনৰ পূৰ্বে এজন কয়দী আক্ৰান্ত হোৱাৰ পাছতেই তৎপৰতা অৱলম্বন কৰা শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে আজি কাৰাগাৰৰ কাৰাবন্দীসকলৰ স্বাস্থ্য পৰীক্ষা চলোৱাত এই ভয়ংকৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে৷ ইতিমধ্যে ৫১ গৰাকীকৈ কৰ’নাত আক্ৰান্তৰ চিকিৎসাৰ বাবে কাৰাগাৰৰ ভিতৰতেই এটা বৃহৎ আইছ’লেশ্যন ৱাৰ্ড সৃষ্টি কৰি আক্ৰান্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷

বৰ্তমান ৫১৭ গৰাকীকৈ কাৰাবন্দী থকা কাৰাগাৰখনত এজন কাৰাবন্দী আক্ৰান্তৰ পাছতে পোহৰলৈ আহে এই সংক্ৰমণৰ ঘটনা৷ আজি স্বাস্থ্য বিভাগৰ এটা দলে ৫১৭গৰাকী কাৰাবন্দীৰ ভিতৰৰে ১৭৩গৰাকী কাৰাবন্দীক ৰেপিড এন্টিজেন পদ্ধতিৰে পৰীক্ষা চলোৱাত ৫১ গৰাকী আক্ৰান্ত চিনাক্ত হয়৷ ইতিমধ্যে কাইলৈহে বাকী থকা ৩৪৪ গৰাকী কাৰাবন্দীক পৰীক্ষা কৰা হ’ব বুলি জানিব পৰা হৈছে৷আনহাতে, আক্ৰান্তৰ বাবে কাৰাগাৰৰ ভিতৰতেই নিৰ্মাণ কৰা অস্থায়ী আইছ’লেশন ৱাৰ্ডত আক্ৰান্তসকলক সম্পূৰ্ণ পৃথককৈ ৰখাৰ লগতে আক্ৰান্তসকলক চিকিৎসাৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এগৰাকী চিকিৎসকসহ এটা স্বাস্থ্যকৰ্মীৰ দল নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে৷

Leave A Reply