Breaking

কটনৰ মেধাবী ছাত্ৰীৰ আত্মহনন…

0 57

মই মোৰ জীৱনটোক ঘৃনা কৰো”

** খুবেই মেধাবী আছিল ছোৱালীজনী। আৰ্থিক অবস্হাই পৰিয়ালটোক জুৰুলা কৰিলেও একমাত্ৰ কন্যাক শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত পিতৃয়ে কোনোদিনেই দৰিদ্ৰতাক হেঙাৰ হবলৈ দিয়া নাছিল। আনকি ছোৱালীজনীৰ সপোনবোৰ বাস্তব হোৱাৰ বাবে এবছুৱে আগবঢ়াইছিল সহায়ৰ হাত।

এই গৰাকী মেধা ছাত্ৰীৰ নাম অজন্তা বড়ো। গোৰেশ্বৰৰ পদোপাৰাৰ মনোৰঞ্জন বড়ো আৰু আঞ্চলি বড়োৰ কন্যা অজন্তা। ২০১৬ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত ৯৩ শতাংশ নম্বৰেৰে উৰ্ত্তীণ হৈছিল অজন্তাই। স্হানীয় এবছুৱে গোৰেশ্বৰৰ এখন মহাবিদ্যালয়ত নামভৰ্তি কৰি দিছিল অজন্তাক। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৩ শতাংশ নম্বৰ পাই উৰ্ত্তীণ হোৱা অজন্তাক পিতৃয়ে নামভৰ্তি কৰি দিছিল কটন বিশ্ববিদ্যালয়ত।

বিজ্ঞান শাখাৰ ছাত্ৰী গৰাকী আছিল পঞ্চম ষান্মাসিকৰ। কিছু অসুস্থতাৰ বাবে পিতৃয়ে অজন্তাক লৈ গৈছিল গৃহলৈ। কালি পিতৃ গৈছিল কোকৰাঝাৰলৈ। অজন্তাই মাতৃক জোৰ কৰি বজাৰলৈ পঠিয়াইছিল দখনা ক্ৰয়ৰ বাবে। অনিচ্ছা স্বত্বেও মাতৃয়ে একমাত্ৰ কন্যাৰ কথা পেলাব নোৱাৰি ওলাই গৈছিল বজাৰলৈ। হয়তু এক পৰিকল্পিত সময় উপস্হিত হৈছিল অজন্তাৰ সম্মুখত। তাৰ পিছত এক কঠোৰ সিদ্ধান্ত।

মাতৃয়ে ঘৰলৈ আহি প্ৰত্যক্ষ কৰে কন্যাই আত্মহত্যা কৰা দৃশ্য। হুলস্থুল শুনি দৌৰি আহে ওচৰচুবুৰীয়া। ঘটনাস্হলীত উপস্হিত হয় স্হানীয় আৰক্ষী। অজন্তাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুইচাইড নোট। য’ত অজন্তাই লিখি থৈ গৈছে ইংৰাজী আৰু বড়ো ভাষাত ” I hate my life. “

Leave A Reply