Breaking

সমাগম হ’ব অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ ! ১১ ফেব্ৰুৱাৰীত চিমেন চাপৰিত বাথৌ খেৰাই পূজাৰ আয়োজন…

0 28

সমাগম হ’ব অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ,১১ ফেব্ৰুৱাৰীত চিমেন চাপৰিত বাথৌ খেৰাই পূজাৰ আয়োজন

ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে বিগত বছৰ বোৰৰ দৰে এইবাৰো বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত, সংযুক্ত বড়ো গণ মঞ্চ, জোনাই জিলা বড়ো সাহিত্য সভা, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ,ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদ, অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভা,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতি, ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চ,ধেমাজি জিলা আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদকে ধৰি বিভিন্ন বড়ো জাতীয় সংগঠনৰ সহযোগত বড়ো সকলৰ পৰম্পৰাগত বাথৌ খেৰাই পূজা অহা ১১ ফেব্ৰুৱাৰী তাৰিখে চিমেন চাপৰি সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজনৰ সিদ্ধান্ত লৈছে। প্ৰস্তাৱিত বাথৌ খেৰাই পূজাৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

মাঙ্গলিক কাৰ্য্যসূচীৰে লাইখুঁটা স্থাপন কৰে চিমেন আঞ্চলিক বাথৌ মহাসভাৰ স্থায়ী দেউৰী মূলাকান্ত দৈমাৰীয়ে। লাইখুঁটা স্থাপনৰ অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,ইউবিপিঅৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ উপ সভাপতি চাঞ্চুমা বসুমতাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,চিমেন আঞ্চলিক বাথৌ মহাসভা, চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ বিষয়ববীয়া, এবছু,আবৌফ,প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, শতাধিক ৰাইজ উপস্থিত থাকে।পূৰাতনীয়া ৰীতি-নীতিৰে আয়োজন কৰা বাথৌ খেৰাই পূজাত বাথৌ আৰ’জ,দেওধনী নৃত্যৰ প্ৰদৰ্শন কৰিব।

অনুষ্ঠানত অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হ’ব।ইয়াৰোপৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো পাৰিষদবৰ্গ,ইউবিপিঅৰ বাইশখন জিলাৰ প্ৰতিনিধি, বিভিন্ন বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধি, বহু সংখ্যক জনপ্ৰতিনিধি উপস্থিত থাকিব।উল্লেখ্য যে সমাজত ঐক্য, শান্তি, প্ৰগতিৰ লক্ষ্যৰ লগতে তৃতীয় বড়ো শান্তি চুক্তিৰ কাৰ্য্যকৰীকৰণৰ জৰিয়তে বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে বাথৌ বৌঢ়াইৰ আৰ্শীবাদ পাবলৈ বাথৌ খেৰাই পূজা আয়োজন কৰিছে বুলি আয়োজক সমিতিৰ কাৰ্য্যকৰী সভাপতি মলেন্দ্ৰ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।অনুষ্ঠানৰ সফলতা কামনা কৰিছে আয়োজক সমিতিয়ে।

Leave A Reply