Breaking

দেশৰ বিভিন্ন জিলা দণ্ডাধীশসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

0 2,046


কোভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শণিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ জিলা দণ্ডাধীশসকলৰ সৈতে চৰকাৰী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত বাৰ্তালাপ কৰে। জিলা দণ্ডাধীশসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মোদীয়ে সু-শাসনৰ বাবে সকলোৰে সহযোগিতা কাম্য বুলি মন্তব্য কৰে। মোদীয়ে কয়—”সুশাসনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই চৰকাৰক আঁচনিবোৰ ভালদৰে ৰূপায়ণ কৰাত সহায় কৰে। সেয়ে জিলা প্ৰশাসনৰ বিষয়াসকলে ক্ষেত্ৰ ভ্ৰমণ আৰু পৰিদৰ্শনৰ বাবে বিতং নিৰ্দেশনা প্ৰস্তুত কৰা উচিত,”।

শণিবাৰে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে। বৈঠকত কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ দলবদ্ধ কামে দেশৰ বহু উন্নয়নৰ প্ৰতি আগ্ৰহী জিলাত ভাল ফলাফল প্ৰদান কৰিছে বুলি মোদীয়ে উল্লেখ কৰে। এনে জিলাসমূহৰ বিষয়াসকলে এতিয়া যথেষ্ট সন্তুষ্টি অনুভৱ কৰিছে । প্ৰতিখন জিলাই আনৰ সফলতাৰ পৰা শিকিব লাগিব আৰু তেওঁলোকৰ প্ৰত্যাহ্বানবোৰ মূল্যায়ন কৰিব লাগিব বুলি মোদীয়ে উল্লেখ কৰে। প্ৰশাসন আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ, আৱেগিক সংযোগৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি মোদীয়ে কয় ‘ওপৰৰ পৰা তললৈ’ আৰু ‘তলৰ পৰা শীৰ্ষলৈ’ শাসন ব্যৱস্থাটোক গতিশীল কৰি তোলাটো এতিয়া সকলোৰে দায়িত্ব।


উল্লেখ্য চৰকাৰে ২২ খন ৰাজ্যৰ ১৪২ খন জিলা কেইবাটাও বিষয়ত পিছ পৰি থকাৰ কথা চিনাক্ত কৰিছে।

Leave A Reply